ক্ষেত্ৰী : মহানগৰী গুৱাহাটীৰ কাষৰীয়া ক্ষেত্ৰীত ভয়ংকৰ পথ দুর্ঘটনা। দুখন ট্ৰাকৰ মাজত সংঘৰ্ষ। এই ভয়ংকৰ পথ দুর্ঘটনাত নিহত দুজনকৈ লোক।
দেওবাৰে নিশাৰ ভাগত মহানগৰী গুৱাহাটীৰ কাষৰীয়া ক্ষেত্ৰীত এক ভয়ংকৰ পথ দুর্ঘটনা সংঘটিত হয়। এখন ট্ৰাকত পিছ ফালৰ পৰা আন এখন ট্ৰাকে খুন্দা মৰাত দুজন লোক নিহত হয়।
ক্ষেত্ৰীৰ বিজয়া নাৰ্চৰীৰ সন্মুখত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথৰ ওপৰত সংঘটিত হয় এই দুর্ঘটনা। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত লোক দুজনক উদ্ধাৰ কৰে।
লগতে পঢ়ক – বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন
দুর্ঘটনা পতিত হোৱা ট্ৰাক দুখন নগাঁও অভিমুখে গৈ আছিল। এএছ-০১-জিচি-১৮৪৪ নম্বৰৰ ট্ৰাকখনে ডব্লিউবি-৩১-এ-১৫৯৯ নম্বৰৰ ট্ৰাকখনক পিছ ফালৰ পৰা খুন্দা মাৰে।