তিনিচুকীয়া : তিনিচুকীয়াত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই মহিলা। নিউ তিনিচুকীয়া ৰে’ল ষ্টেচনত ৰে’লৱে আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ড্ৰাগছসহ দুই মহিলা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিছে। জব্দকৃত ড্ৰাগছখিনি ব্ৰাউন চুগাৰ বুলি ৰে’ল আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে।

১৫৬০৩ নম্বৰৰ কামাখ্যা-লিডু ইন্টাৰচিটি এক্সপ্ৰেছত দুই মহিলাৰ পৰা ৰে’ল আৰক্ষীয়ে জব্দ কৰে সন্দেহজনক ব্ৰাউন চুগাৰখিনি৷ ৩০ টা কন্টেইনাৰত জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ বজাৰ মূল্য প্ৰায় ৩.৫০ কোটি টকাৰ বুলি সন্দেহ কৰা হৈছে ৷

মহিলা দুগৰাকীয়ে ব্ৰাউন চুগাৰখিনি ডিমাপুৰৰ পৰা আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। মহিলা দুগৰাকীয়ে ৰে’লেৰে ড্ৰাগছখিনি লৈ অনাৰ সময়তে বিশেষ খৱৰৰ ভিত্তিত ৰে’লৱে আৰক্ষীয়ে অভিযান চলাই ড্ৰাগছখিনি জব্দ কৰে।

লগতে পঢ়ক –  তেজপুৰত উদ্ধাৰ হোৱা নতুন প্ৰজাতিৰ জিঞাক দুগৰাকী মহিলাৰ নামেৰে নামাংকিত

দুয়োগৰাকী মহিলাক তিনিচুকীয়া ৰে’লৱে আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা চলাই থকা বুলি জানিব পৰা গৈছে। ড্ৰাগছ বিৰোধী অভিযানত নিউ তিনিচুকীয়া ৰে’ল আৰক্ষীৰ এইয়া এক বৃহৎ সাফল্য।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply