বুধবাৰে লামডিং ৰে’লৱে জংচনত উদ্ধাৰ কৰা হয় দুটাকৈ অচিনাক্ত মৃতদেহ৷ জানিব পৰামতে জংচনৰ প্লেট ফৰ্ম নম্বৰ ১ত জি আৰ পিৰ এটা দলে তহল দি থকাৰ সময়তে এগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া পুৰুষক উলংগ অৱস্থাত একে স্থানতে লৰচৰ নকৰাকৈ শুই থকা পৰিলক্ষিত হয়৷

পৰৱৰ্তী সময়ত ভালদৰে দুয়োকে প্ৰত্যক্ষ কৰাত দেখা পায় যে, প্ৰচণ্ড শীতৰ বাবে হয়তো নিশাৰ ভিতৰেই দুয়োগৰাকীয়ে কৰুণ মৃত্যুক আকোৱালি লয়৷ ৰে’ল আৰক্ষীয়ে জনোৱা অনুসৰি দুয়ো লামডিঙ জংচনৰ ভিতৰতে বিগত বহু দিন ধৰি মগনিয়া হিচাপে আছিলে ৷

ৰে’ল আৰক্ষী দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি ডিফু অসামৰিক চিকিৎসালয়লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply