দক্ষিণ শালমাৰা : মানকাচৰত বিদ্যালয়ৰ পৰিবৰ্তে মাদ্ৰাছাত নাম ভৰ্তি কৰাৰ বাবে দুজনকৈ মাদ্ৰাছাৰ ছাত্ৰই মাদ্ৰাছাৰ পৰা পলায়ন কৰে। অৱশ্যে সোমবাৰে দুয়োক উদ্ধাৰ কৰা হৈছে। দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীৰ নিকটবৰ্তী কালাইৰ আলগা মাদ্ৰাছাৰ পৰা ১২ বছৰীয়া তামিম ইকবাল আৰু ১১ বছৰীয়া মিজানুৰ ৰহমান নামৰ মাদ্ৰাছাৰ ছাত্ৰ দুজনে মাদ্ৰাছাৰ পৰা পলায়ন কৰিছিল।

ছাত্ৰ দুজনক পৰিয়ালৰ লোকে বিভিন্ন স্থানত সন্ধান কৰি অৱশেষত সোমবাৰে পুৱাৰ ভাগত অসম-মেঘালয় সীমান্তৱৰ্তী চান্দামাৰী গাঁৱত ঘুৰা-ফুৰা কৰি থকা অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে। ছাত্ৰ দুজনে কয় যে তেওঁলোক মাদ্ৰাছা শিক্ষা গ্ৰহণ কৰিবলৈ ইচ্ছুক নহয়। অৱশ্য বিদ্যালয়ত নামভৰ্তি কৰি দিলে দুয়ো শিক্ষাগ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে। মাদ্ৰাছা শিক্ষা কৰিবলৈ ইচ্ছা নাই যদিও পৰিয়ালৰ লোকে দুয়োক মাদ্ৰাছাত ভৰ্তি কৰোৱাৰ বাবে এইদৰে দুয়ো পলায়ন কৰিছিল।

লগতে পঢ়ক –  আজি গীতিকবি পাৰ্বতি প্ৰসাদ বৰুৱাৰ স্মৃতি দিৱস

ইফালে পৰিয়ালৰ লোকে দুয়োক উদ্ধাৰ কৰি যত শিক্ষা গ্ৰহণ কৰিব বিচাৰে তাতে নামভৰ্তি কৰি দিব বুলি ছাত্ৰ দুজনক আশ্বাস দিয়ে। এতিয়া ছাত্ৰ দুজনে কি সিদ্ধান্ত লয় সেয়া পৰবৰ্তী সময়ত লক্ষণীয় হ’ব। মন কৰিবলগীয়া যে ছাত্ৰ দুজনে মাদ্ৰাছাত নাম ভৰ্তি কৰাৰ বাবেই পলায়ন কৰিছিল নে কোনো দুষ্ট চক্ৰৰ কবলত পৰি পলায়ন কৰিছিল সেয়া এতিয়ালৈ স্পষ্ট হোৱা নাই।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,855 other subscribers

Leave a comment

Leave a Reply Cancel reply