ওদালগুৰি : ওদালগুৰিত সংঘটিত হৈছে এক শোকাবহ ঘটনা। বজ্ৰ পৰি তিনি গৰাকীৰ মৃত্যু ওদালগুৰিত। বজ্ৰ পৰি মৃত্যু হোৱা সকলৰ ভিতৰত দুগৰাকী কিশোৰী আৰু এগৰাকী গৰ্ভৱতী মহিলা।
ওদালগুৰি জিলাৰ মাজবাটত অসম-অৰুণাচল প্ৰদেশ সীমান্তত এক শোকাবহ ঘটনা সংঘটিত হৈছে। অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ আলাইশ্ৰী গাঁৱত বজ্ৰ পৰি দুগৰাকী কিশোৰী আৰু এগৰাকী গৰ্ভৱতী মহিলাৰ কৰুণ মৃত্যু ঘটে।
লগতে পঢ়ক – ৩৫ খনৰ ভিতৰত ৩২ খন জিলাই জলমগ্ন, ৪৭ লাখতকৈও অধিক লোক প্ৰভাৱিত
সোমবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এই শোকাবহ ঘটনা। বজ্ৰ পৰি মৃত্যু হোৱা কিশোৰী দুগৰাকী হৈছে মনোমতী বসুমতাৰী আৰু দুলাৰ বসুমতাৰী। আনহাতে নিহত গৰ্ভৱতী মহিলা গৰাকীৰ নাম ৰেখা দৈমাৰী বুলি জানিব পৰা গৈছে।