মৰিগাঁও : মৰিগাঁওত অঘটন। পানীত পৰি দুই কিশোৰীৰ মৃত্যু। ভেকুলীক পানীত উটুৱাই দিবলৈ যাওঁতে পানীত পৰি দুই কিশোৰীৰ মৃত্যু। দুই কিশোৰীৰ মৃত্যুত মৰিগাঁৱত শোকৰ ছাঁ।

ৰাজ্যত বানৰ সংহাৰী ৰূপৰ মাজতে মৰিগাঁও জিলাত সংঘটিত হৈছে এক শোকাবহ ঘটনা। মৰিগাঁৱত পুখুৰীত পৰি দুগৰাকী কিশোৰীৰ মৃত্যু হৈছে। ভেকুলীৰ বিয়া পাতি ভেকুলীক পুখুৰীৰ পানীত উটুৱাই দিবলৈ যাওঁতে পুখুৰীত পৰে কিশোৰী দুগৰাকী।

লগতে পঢ়ক – নিশ্চিহ্ন হোৱাৰ পথত অপূৰ্ব সৌন্দৰ্য্যৰে ভৰা নামেৰী বনভোজস্থলী

এই শোকাবহ ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ পাতিদৈয়াত। পুখুৰীৰ পানীত পৰি মৃত্যু হোৱা কিশোৰী দুগৰাকীৰ নাম চুনু পাটৰ আৰু ৰিম্পি দেউৰী বুলি জানিব পৰা গৈছে। পুখুৰীত পৰি কিশোৰী দুগৰাকীৰ মৃত্যু হোৱা ঘটনাই মৰিগাঁৱত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply