নিউজ ডেস্ক- অসমত নতুনকৈ নিৰ্মাণ কৰা হ’ব দুখন ৰে’ল দলং। গুৱাহাটী ৰে’লৱে ষ্টেচনত অনুষ্ঠিত তীব্ৰবেগী গুৱাহাটী-নিউ জলপাইগুৰিৰ মাজৰ বন্দে ভাৰত এক্সপ্ৰেছৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰীয়ে অসমত দুখন ৰেল দলং নিৰ্মাণৰ কথা ঘোষণা কৰে।
তেওঁ কয় যে শৰাইঘাটৰ ওপৰত ১,৬৭৭ কোটি টকা ব্যয়ৰে দ্বিতীয়খন ৰেল দলং আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত তেজপুৰ আৰু শিলঘাটত ৰে’ল দলং ৩,৫১২ কোটি টকা ব্যয়ৰে ব্ৰডগজ লাইনেৰে সংযোজন কৰাৰ পৰিকল্পনা প্রধানমন্ত্ৰীৰ নেতৃত্বত আৰম্ভ হৈছে।
লগতে তেওঁ কয় উত্তৰ-পূৰ্বাঞ্চলত ৭০ হাজাৰ কোটি টকা ৰে’লখণ্ডত ব্যয় কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিৰ্দেশ দিছে।
উল্লেখ্য যে, বিগত বৰ্ষত উত্তৰ পূৱত ৪৩০ কিলোমিটাৰ ৰে’ল লাইন সংস্থাপিত কৰাৰ লগতে ৮৮৩ কিলোমিটাৰ ৰে’ল লাইন মিটাৰ গজৰ পৰা ব্ৰড গজ হৈছে আৰু ৪২৯ কিলোমিটাৰ ৰে’লপথ দৈত্বকৰণ কৰা হৈছে। আনহাতে তেওঁ কয় বন্দে ভাৰত এক্সপ্ৰেছ বিদেশৰ ৰে’ল সেৱাতকৈও অধিক উন্নত মানৰ।