নিউজ ডেস্ক: আজি পুৱা শিৱসাগৰ পানবেছাত এক শোকাবহ ঘটনা সংঘটিত হয়। পানবেছা পঞ্চায়তৰ অন্তৰ্গত চেনীমৰা মিচিং গাঁৱত সংঘটিত হৈছে এই ঘটনা।
পথাৰত বড়োধান চপাই থাকোঁতেই ব্ৰজপাতত একে পৰিয়ালৰ দুজন খেতিয়কৰ মৃত্যু হোৱাৰ লগতে আন পাঁচজন ব্যক্তি আহত হয়।
ব্ৰজপাতত নিহত হয় অজয় য়েইন (৩৫) আৰু দিগন্ত মিলি(২৮)। ইয়াৰ উপৰিও ৰুমী মিলি (১৯), গণেশ মিলি (২২), পুতলা য়েইন ( ১৭), উৰ্মিলা য়েইন আৰু নিহত অজয় য়েইনৰ পুত্ৰ বিক্ৰম সিং য়েইন আহত হয়। আহত আটাই কেইজনেকে ততাতৈয়াকৈ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
বৰ্তমান এই ঘটনাই সমগ্ৰ গাঁও খনতে শোকৰ ছাঁ পেলাইছে। ঘটনাৰ পিছতেই স্থানীয় বিধায়ক অখিল গগৈ, আৰক্ষী আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ কৰ্মচাৰী গাঁওখনত উপস্থিত হৈ পৰিস্থিতি বুজ লয়। ঘটনা সন্দৰ্ভত বিধায়ক অখিল গগৈয়ে দুখ প্ৰকাশ কৰাৰ লগতে আহত সকলৰ চিকিৎসাৰ বাবে পদক্ষেপ লোৱা বুলি সদৰি কৰিছে।