গুৱাহাটী : পুনৰ অসম আৰক্ষীৰ খাকী পোছাকত লাগিল কলংক। এইবাৰ মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগ অসম আৰক্ষীৰ বিৰুদ্ধে। মেঘালয়ৰ এগৰাকী মহিলাক অসম আৰক্ষীয়ে নিৰ্যাতন চলোৱাৰ গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে।
মেঘালয়ৰ উত্তৰ গাৰো পাহাৰৰ এগৰাকী মহিলাক শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে অসম আৰক্ষীৰ বিৰুদ্ধে। এই গুৰুত্বৰ অভিযোগ উত্থাপন হৈছে গোৱালপাৰা জিলাৰ দুধনৈ আৰক্ষীৰ বিৰুদ্ধে। ইতিমধ্যে ঘটনাৰ লগত জড়িত দুজন আৰক্ষীক নিলম্বন কৰা হৈছে।
দুধনৈ আৰক্ষী থানাৰ এগৰাকী মহিলা আৰক্ষীৰ লগতে উপ-পৰিদৰ্শকক নিলম্বন কৰা হৈছে উত্তৰ গাৰো পাহাৰৰ মহিলাক নিৰ্যাতন চলোৱাৰ অভিযোগত। দুধনৈ আৰক্ষী থানাৰ মহিলা আৰক্ষী মমতা যোশী আৰু উপ-পৰিদৰ্শক বিষ্ণু নেৱাৰক নিলম্বন কৰিছে গোৱালপাৰাৰ আৰক্ষী অধীক্ষকে।
এক গোচৰ সন্দৰ্ভত উত্তৰ গাৰো পাহাৰৰ মহিলা গৰাকীক দুধনৈ থানাত নিৰ্যাতন চলোৱা হৈছিল বুলি নিৰ্যাতন বলি হোৱা মহিলা গৰাকীয়ে অভিযোগ উত্থাপন কৰে। যোৱা ৪ জুলাইত মহিলা গৰাকীক থানাৰ ভিতৰত নিৰ্যাতন চলোৱা হৈছিল। মহিলা গৰাকীৰ অভিযোগৰ পিছতে দুধনৈ আৰক্ষী থানাৰ দুয়ো আৰক্ষীক নিলম্বন কৰা হয়।