নিউজ ডেস্কঃ ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰো) শনিবাৰে দুপৰীয়া ২:১৯ বজাত PSLV-C55 ৰকেটত দুটা ছিংগাপুৰৰ উপগ্ৰহ সফলতাৰে উৎক্ষেপণ কৰে। অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধাৱান মহাকাশ কেন্দ্ৰৰ পৰা প্ৰেৰণ কৰা এই অভিযানৰ পৰা TeLESO-2 আৰু LUMELITE-4 ক পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰে।
এই অভিযানত ইছৰোয়ে POEM ও প্ৰেৰণ কৰা হৈছিল। ইটো PSLV ৫৭ তম উৰণ আছিল।
POEM কি?
POEMৰ সম্পূৰ্ণ নাম হৈছে পিএছএলভি অৰ্বিটাল এক্সপেৰিমেণ্টেল মডিউল। পিএছএলভি ৰকেট চাৰিটা পৰ্যায়ত উৎক্ষেপন হৈ মহাকাশলৈ যায়। প্ৰথম তিনিটা পৰ্যায়ত উৎক্ষেপনৰ বাবে যিবোৰ সামগ্ৰী প্ৰয়োজন হয় সেইবোৰ এক নিদিষ্ট উচ্চতাত উৰা মৰা পিছত ৰকেটৰ পৰা পৃথক হৈ সাগৰত পৰি ধ্বংস হৈ যায়। কিন্তু অন্তিম তথা শেষৰ স্তৰটো যিটোক PS4 হিচাপে জনা যায় সেই অংশটোৱেই মহাকাশলৈ কৃত্ৰিম উপগ্ৰহ লৈ যোৱাত সহায় কৰে। মহাকাশত গৈ পোৱাৰ পিছত PS4 পৰা কৃত্ৰিম উপগ্ৰহও পৃথক হৈ যায় । কিন্তু মহাকাশত আৱৰ্জনা হিচাপে PS4 থাকি যায়। যাৰ ফলত ই মহাকাশত এক প্ৰকাৰে অন্য লাগতীয়া উপগ্ৰহ সমূহক নিদিষ্ট পথত পৰিভ্ৰমণ কৰাত অসুবিধাৰ সন্মুখীন হে কৰে। আৰু এনে হৈ থাকিলে অদূৰ ভৱিষ্যতলৈ ই মহাকাশত প্ৰদূষণৰ দৰে সৃষ্টি কৰিব।
যাৰ বাবে ইছৰোয়ে PSLV-C53 ৰকেটৰ পৰা PS4 পৰ্যায়টোক এক POEM প্লেটফৰ্ম হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। যিটোক স্থিৰতা প্লেটফৰ্ম হিচাপেও ইছৰোয়ে নামকৰণ কৰিছে।
ইছৰোয়ে PSLV-C53 ৰকেটৰ পৰা PS4 ত নেভিগেচন গাইডেন্স এণ্ড কণ্ট্ৰোল প্ৰণালী সংযোজন কৰে যাৰ দ্বাৰা অনুমোদিত সীমাৰ ভিতৰত যিকোনো এৰোস্পেচ বাহনৰ উৰণত নিয়ন্ত্ৰণ কৰে।
অৰ্থাৎ আগতে আৱৰ্জনা হিচাপে PS4 মহাকাশত আছিল কিন্তু বৰ্তমান ইয়াক ইছৰোয়ে পৃথিৱীৰ পৰা ইয়াক নিয়ন্ত্ৰণ কৰি কাৰ্ষক্ষম কৰি ৰাখিছে। যাৰ দ্বাৰা ই বহু সহায়ক হিচাপে ইতিমধ্যে প্ৰমাণিত হৈছে ।
এই PS4 ক কাৰ্যক্ষম কৰি ৰাখিবলৈ ইয়াত সৌৰ পেনেল লগোৱাৰ লগতে Li-on Battery স্থাপন কৰা থাকে।
ইছৰোয়ে ইয়াক প্ৰথমবাৰ ২০১৯ চনত প্ৰথমবাৰ বাবে PSLV-C44 ৰকেটত এক পৰীক্ষামূলক ভাৱে প্ৰদৰ্শন কৰিছিল।
টেলিঅ’চ-2 TeLEOS-2
এইটো এটা দূৰসংযোগ উপগ্ৰহ। ছিংগাপুৰ চৰকাৰে ইয়াক তেওঁলোকৰ অভিযান্ত্ৰিক শিক্ষাৰ্থীৰ সহযোগত প্ৰস্তুত কৰিছে। ই দিন আৰু ৰাতি আৰু সকলো ঋতুতে বতৰ আগজাননী প্ৰদান কৰিবলৈ সক্ষম হ’ব। ইয়াৰ ওজন ৭৪১ কিলোগ্ৰাম। ই দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় তথ্য প্ৰদান কৰিব।
লুমেলাইট-4 LUMELITE-4
ইয়াক ছিংগাপুৰৰ ইনফোকম গৱেষণা প্ৰতিষ্ঠান (আই2আৰ) আৰু ছিংগাপুৰৰ ৰাষ্ট্ৰীয় বিশ্ববিদ্যালয়ৰ উপগ্ৰহ প্ৰযুক্তি আৰু গৱেষণা কেন্দ্ৰৰ (ষ্টাৰ) সৈতে অংশীদাৰীত্বত নিৰ্মাণ কৰা হৈছে। ইয়াৰ লক্ষ্য হৈছে ছিংগাপুৰৰ ই-নেভিগেশ্বন সামুদ্ৰিক সুৰক্ষা বৃদ্ধি কৰা আৰু বিশ্বব্যাপী জাহাজ পৰিবহন সম্প্ৰদায়ক লাভান্বিত কৰা। ইয়াৰ ওজন ১৬ কিলোগ্ৰাম।

লগতে পঢ়ক – তেজপুৰ বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় জন সম্পৰ্ক দিৱস উদযাপন