নিউজ ডেস্ক- ইণ্ডিয়ান ইনষ্টিটিউশ্যনেল ৰেংকিং ফ্ৰেমৱৰ্ক (আই আই আৰ এফ) ইউনিভাৰ্ছিটি ৰেংকিং ২০২৩ অনুসৰি ভাৰতৰ কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত অসমৰ দুখন বিশ্ববিদ্যালয়ে স্থান দখল কৰিছে। ভাৰতৰ কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত উত্তৰ-পূৰ্বাঞ্চলৰ ছখন বিশ্ববিদ্যালয়েও স্থান লাভ কৰিছে।

উক্ত তালিকাত অসমৰ তেজপুৰ বিশ্ববিদ্যালয়ে চতুৰ্দশ (১৪) আৰু শিলচৰৰ অসম বিশ্ববিদ্যালয়ে ঊনবিংশ (১৯) স্থান লাভ কৰিছে।

তথ্য অনুসৰি, ভাৰতৰ কেন্দ্রীয় বিশ্ববিদ্যালয়সমূহৰ ভিতৰত শীর্ষ স্থানত আছে নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ)। জে এন ইউৰ পাছতে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ক্ৰমে বাৰাণসীৰ বেনাৰ্ছ হিন্দু বিশ্ববিদ্যালয় আৰু আলিগড় মুছলিম বিশ্ববিদ্যালয়।

আনহাতে, ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়ৰ ভিতৰত গুজৰাটৰ গান্ধীনগৰৰ ধীৰুভাই আম্বানি ইনষ্টিটিউট অব্ ইনফৰমেশ্যন এণ্ড কমিউনিকেশ্যন টেকনলজিয়ে প্রথম স্থান, দ্বিতীয় স্থানত হাৰিয়ানাৰ সোণীপত্ৰৰ অশোক বিশ্ববিদ্যালয় আৰু গুজৰাটৰ আহমেদাবাদৰ নিৰ্মা বিশ্ববিদ্যালয় তৃতীয় স্থান লাভ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply