গুৱাহাটী : গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত সক্ৰিয় শিশু চুৰি চক্ৰ। শিশু চুৰি চক্ৰৰ লগত জড়িত থকাৰ অভিযোগত গুৱাহাটী।চিকিৎসা মহাবিদ্যালয় হাস্পতালত আটক দুগৰাকী মহিলা।
গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ পৰা শিশু চুৰিৰ চেষ্টা চলাই আটক হ’ল দুগৰাকী মহিলা। জানিব পৰা মতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়।হাস্পতালৰ পৰা শিশু চুৰিৰ বাবে মহিলা দুগৰাকী বাহৰ পাতিছিল।
লগতে পঢ়ক – কৰ্তব্যত অৱহেলাৰ বাবে ডিব্ৰুগড়ৰ জ্যেষ্ঠ ফেক্টৰী পৰিদৰ্শকক নিলম্বন
তেজপুৰৰ এগৰাকী গৰ্ভৱতী মহিলাৰ সৈতে শিশু বিক্ৰীৰ চুক্তি কৰিছিল আটক কৰা মহিলা দুগৰাকীয়ে। গৰ্ভৱতী মহিলা গৰাকীৰ স্বামী বিহাৰত শ্ৰমিক হিচাপে কৰ্মৰত। আটক কৰা মহিলা দুগৰাকীৰ নাম প্ৰমিলা ডেকা আৰু বিজিতা দাস। ঘটনা সন্দৰ্ভত জি এম চি এইচৰ ফালৰ পৰা দাখিল কৰা হৈছে এজাহাৰ।