মৰিয়নী : মৰিয়নীৰ নকছাৰিৰ খাটিচোনাত লোমহৰ্ষক হত্যাকাণ্ড৷ অৰ্ধনগ্ন অৱস্থাত দুগৰাকী মহিলাসহ এজন পুৰুষৰ মৃতদেহ উদ্ধাৰ৷ ধর্ষণ কৰি হত্যা কৰাৰ সন্দেহ।

মৰিয়নীৰ নকছাৰিত লোমহৰ্ষক হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে। ইটা ভাটাত কাম কৰা পৰিয়াল এটাৰ তিনিজনকৈ সদস্যক হত্যা কৰা হৈছে। হত্যাকাণ্ডত বলি হোৱা প্ৰিয়লৰটোত আছে দুগৰাকী মহিলা।

মৰিয়নীৰ নকছাৰি খাটিচোনাৰ জীৱন লাহন নামৰ লোকৰ ইটা ভাটাত ভাটা ৰখীয়াৰূপে আছিল পৰিয়ালটো৷ অৰ্ধনগ্ন অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহ কেইটা। দলবদ্ধ ধৰ্ষণ কৰি পৰিয়ালটোক হত্যা কৰা সন্দেহ স্থানীয় লোকৰ৷

লগতে পঢ়ক –  পুনৰ ৰাজ্যত ধৰ্ষণৰ বলি এগৰাকী পঞ্চম শ্ৰেণীৰ ছাত্ৰী

মৰিয়নী দেবেৰাপাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে৷ মৃত্যু পৰিয়ালটোৰ সদস্য কেইজন ক্ৰমে সুনতি বৰা, সুনতি বৰাৰ জীয়াৰী মনালিছা বৰা আৰু মাতৃ তুলু বৰা বুলি জানিব পৰা গৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,863 other subscribers

Leave a comment

Leave a Reply Cancel reply