চেঙা : ৰাজ্যত অপৰিবৰ্তিত হৈ আছে বান পৰিস্থিতি। বছৰৰ দ্বিতীয়টো বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্যত। বানৰ লগতে ভূতৰ ওপৰত দানৱ পৰা দি পৰিছে ভূমিস্খলনৰ ঘটনা। বান আৰু ভূমিস্খলনৰ পুনৰ দুজনৰ মৃত্যু।
বান আৰু ভূমিস্খলন পুনৰ দুজনৰ মৃত্যু। দক্ষিণ বৰপেটাৰ চেঙা সমষ্টিৰ অন্তৰ্গত কাছুমাৰৰ খোলাবান্ধাত বাঢ়নী পানীত পৰি এটি ২ বছৰীয়া শিশুৰ মৃত্যু হৈছে। ঘৰৰ চোতালত খেলি থকা অৱস্থাত হঠাৎ শিশুটি বাঢ়নী পানীত পৰি মৃত্যু ঘটে।
পৰিয়ালৰ লোকে শিশুটিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে শিশুটিক মৃত বুলি ঘোষণা কৰে। শিশুটি খোলাবান্ধা গাঁৱৰ মহিদুল ইছলামৰ পুত্ৰ শ্বাহিল আহমেদ বুলি জানিব পৰা গৈছে। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।
লগতে পঢ়ক – বেঁকী নদীৰ খহনীয়াৰ বুজ ল’লে মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে
ইফালে ৰাজ্যত আন এক ভয়ংকৰ ভূমিস্খলনৰ ঘটনাত এজন যুৱকৰ মৃত্যু হৈছে। এই ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছে হাইলাকন্দি জিলাত। বাহাৰুদ্দিন লস্কৰ মজুমদাৰ নামৰ এজন ১৮ বছৰীয়া যুৱক এজনৰ মৃত্যু হয়।