কামপুৰ : কামপুৰত শোকাবহ ঘটনা। কপিলী নদীত গা ধুৱলৈ গৈ দুই যুৱকৰ সলিল সমাধি। স্থানীয় ৰাইজে উদ্ধাৰ কৰে যুৱক দুজনৰ মৃতদেহ। ঘটনাক কেন্দ্ৰ কৰি শোকৰ ছাঁ।

সোমবাৰে কামপুৰৰ মাজঘিলানীত সংঘটিত হয় এক শোকাবহ ঘটনা। গৰমৰ পৰা ৰক্ষা পাবলৈ নদীত গা ধুৱালৈ গৈ দুই যুৱকৰ সলিল সমাধি ঘটে। কপিলী নদীত গা ধুৱালৈ গৈছিল যুৱক দুজন।

নিহত যুৱক দুজন পাৰভেশ আহমেদ আৰু ফৰিদ আহমেদ বুলি জানিব পৰা গৈছে। ফৰিদ আহমেদ নামৰ যুৱকজন নগাঁৱৰ পৰা পাৰভেশ আহমেদৰ ঘৰলৈ ফুৰিব গৈছিল।

লগতে পঢ়ক –  নগাঁৱত ভয়ংকৰ পথ দুর্ঘটনাত আহত গৰ্ভৱতী মহিলা

নদীত ডুব যোৱা যুৱক দুজনক স্থানীয় ৰাইজে তৎপৰতাৰে উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে যুৱক দুজনক মৃত বুলি ঘোষণা কৰে। যুৱক দুজনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও লৈ প্ৰেৰণ কৰা হৈছে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply