গুৱাহাটী : দক্ষিণ কামৰূপৰ বঙৰাত এক ভয়াবহ পথ দুর্ঘটনা। এই ভয়াবহ পথ দুর্ঘটনাত নিহত হয় দুগৰাকীকৈ যুৱক। শুকুৰবাৰে সংঘটিত হয় এই শোকাবহ পথ দুর্ঘটনা।
শুকুৰবাৰে মানুহ বিহুৰ দিনাই দক্ষিণ কামৰূপৰ বঙৰাত এক ভয়াবহ পথ দুৰ্ঘটনাৰ দুগৰাকীকৈ যুৱকে প্ৰাণ হেৰুৱাবলগীয়া হয়। নিয়ন্ত্ৰণ হেৰুৱাই যুৱক দুগৰাকী বাইকখনে এখন এম্বুলেঞ্চত খুন্দা মৰাত থিতাতে নিহত হয় যুৱক দুগৰাকী।
লগতে পঢ়ক – বিহুৰ আনন্দৰ মাজতে ৰাজ্যত তাণ্ডৱ চলাইছে ধুমুহা-বৰষুণে
পাৰ্থ ঠাকুৰীয়া নামৰ এগৰাকী যুৱক থিতাতে নিহত হোৱাৰ বিপৰীতে কৱিন্দ নাথ নামৰ যুৱক গৰাকী হাস্পতাললৈ নিয়াৰ পথত বাটতে মৃত্যুক আকোৱালি লয়। মানুহ বিহুৰ দিনাই পথ দুর্ঘটনাত দুগৰাকী যুৱকৰ মৃত্যু হোৱাত বঙৰাত শোকৰ ছাঁ বিৰাজ কৰিছে।