নিউজ ডেস্কঃ অসম ৰাজ্যিক চিৰিয়াখানাত সোমবাৰে পৰিবেশ আৰু বন বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এটা জিৰাফ আৰু দুটা জেব্রা মুকলি কৰে।

চিৰিয়াখানালৈ অনা নতুন ৫ বছৰীয়া মাইকী জিৰাফটো বিহাৰৰ পাটনা চিৰিয়াখানাৰ পৰা অনা হৈছে। ৰাজ্যিক চিৰিয়াখানাখনত এতিয়া জিৰাফৰ সংখ্যা দুটালৈ বৃদ্ধি পালে। আগৰেই পৰা থকা মতা জিৰাফটোৰ নাম বিজয় হোৱাৰ বাবে নতুনকৈ চিৰিয়াখানালৈ অনা মাইকী জিৰাফটো নাম বিজয়া ৰখা হৈছে।

আনহাতে, কৰ্ণাটকৰ মহীশূৰৰ পৰা অনা হৈছে দুটাকৈ জেব্ৰা। মতা আৰু মাইকী জেব্ৰা দুটাৰ বয়স ক্রমে ১ আৰু ৩ বছৰ। জেব্রা দুটাক জয় আৰু জয়া নামেৰে নামকৰণ কৰিছে চিৰিয়াখানা কতৃপক্ষই।

মুকলি কৰা অনুষ্ঠানটোৰ অন্তত সংবাদ মাধ্যমৰ আগত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয় যে, প্ৰায় ৩০ বছৰৰ মূৰত অসম ৰাজ্যিক চিৰিয়াখানালৈ নতুনকৈ জেব্রা অহাটো এক বিশেষ মুহূর্ত। তেওঁ লগতে কয় যে চিৰিয়াখানা কর্তৃপক্ষই এই জন্তুবোৰৰ ভালদৰে যত্ন ল’ব আৰু অনাগত দিনত জেব্রাৰ জনসংখ্যা বৃদ্ধি পাব বুলি আশা কৰিব পাৰি।

লগতে মন্ত্ৰী গৰাকীয়ে উল্লেখ্য কৰে যে, চিৰিয়াখানাৰ উন্নয়নৰ বাবে বহু পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ইয়াৰ পুনৰ নিৰ্মাণৰ বাবে পৰিকল্পনা কৰি থকা হৈছে বুলি কয়।

লগতে পঢ়ক – প্ৰস্তাৱিত শিৱসাগৰ চিকিৎসা মহাবিদ্যালয়ৰ আৱন্টন ভূমি পৰিদৰ্শন মন্ত্ৰী কেশৱ মহন্তৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply