নিউজ ডেস্ক: নিষিদ্ধ ঘোষিত বিদ্ৰোহী সংগঠন আলফা স্বাধীনে ব্যাপকৰূপত সদস্যভৰ্তিৰ অভিযান তীব্ৰতৰ কৰাৰ লগতে সাধাৰণ নাগৰিক আৰু নিৰাপত্তা বাহিনীৰ ওপৰত বৃহৎ কূটাঘাত চলোৱাৰ পৰিকল্পনা চলাই থকা বুলি গৃহ মন্ত্ৰ্যালয়ে সতৰ্কতা জাৰী কৰিছে।
গৃহ মন্ত্ৰ্যালয়ৰ উদ্ধৃতি দি ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ইণ্ডিয়া টুডে’য়ে কয়, ‘’আলফাই অপৰহণৰ অভিযান তীব্ৰতৰ কৰাৰ লগতে নিৰাপত্তা বাহিনী আৰু সাধাৰণ নাগৰিকৰ ওপৰত বৃহৎ কূটাঘাতৰ পৰিকল্পনা চলাই আছে।’’
চোৰাংচোৱা সূত্ৰৰ মতে আলফাই কেৱল অসমতে সদস্যভৰ্তি প্ৰক্ৰিয়া সীমাবদ্ধ ৰখা নাই, বৰঞ্চ ৰাজধানী দিল্লীৰ লগতে দেশৰ আন আন ঠাইত থকা অসমৰ যুৱক-যুৱতীক সংগঠনত ভৰ্তি কৰোৱাৰ প্ৰচেষ্টা চলাই আছে।
নতুনকৈ নিয়োগ কৰা সদস্যসকলক আলফাই ম্যানমাৰ সীমান্তৰ সমীপত থকা সংগঠনটোৰ কেম্পত প্ৰশিক্ষণ প্ৰদান কৰে বুলি ইণ্ডিয়া টুডেৰ বাতৰিত কোৱা হৈছে।
গৃহ মন্ত্ৰ্যালয়ে সমগ্ৰ বিষয়টোক গুৰুত্বসহকাৰে লৈ ইয়াৰ তদন্ত কৰিবলৈ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা NIA-ক নিৰ্দেশ দিছে।
লগতে পঢ়ক – শৰাইঘাট দলংঃ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন ৰে’লপথযুক্ত দলঙৰ ইতিহাস আৰু ইয়াৰ নিৰ্মাণ