নিউজ ডেস্ক: অহা ছেপ্টেম্বৰত চৰাইদেউত থকা আহোম যুগৰ স্বৰ্গদেউৰ মৈদামসমূহে আনুষ্ঠানিকভাৱে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি লাভৰ সম্ভাৱনা আছে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়।
আজি জনতা ভৱনত এক সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীয়ে এই কথা জানিবলৈ দি এই উদ্দেশ্যে আজি নিশাই সংস্থাটোলৈ আনুষ্ঠানিক প্ৰস্তাৱ পঠিওৱা হ’ব বুলি কয়। চৰাইদেউৰ মৈদামসমূহক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতিৰ বাবে ৰাজ্য চৰকাৰে ২০১৪ চনৰ পৰাই চেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।
উল্লেখযোগ্য যে, ৰাষ্ট্ৰ সংঘৰ যিকোনো সদস্য ৰাষ্ট্ৰই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ বাবে এটা বছৰত মাত্ৰ এটা ক্ষেত্ৰৰ নাম হে প্ৰেৰণ কৰিব পাৰে। ভাৰতত এই গোটেই প্ৰক্ৰিয়া কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ কৰা হয়।
এইবছৰ ভাৰতৰ ৫২ টা ক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতিৰ দাবীদাৰ আছিল আৰু ইয়াৰ মাজৰ পৰা কেন্দ্ৰীয় চৰকাৰে চৰাইদেউৰ মৈদামৰ নাম মনোনিত কৰে বুলি মুখ্যমন্ত্ৰী সদৰী কৰে।
লগতে পঢ়ক – পৰীক্ষিত দত্তক ভাৰত-নিউজিলেণ্ড টি-২০ শৃংখলাৰ পৰ্যবেক্ষকৰ দায়িত্ব