নিউজ ডেস্ক: BSNLক ৪জি/৫জি স্পেকট্ৰাম আবণ্টনত অনুমোদন কেন্দ্ৰীয় কেবিনেটৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত কেন্দ্ৰীয় কেবিনেটে আজি BSNLৰ ৪জি/৫জি স্পেকট্ৰাম আবণ্টনত অনুমোদন জনায়।

এক উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰি তৃতীয় পুনৰুজ্জীৱন পেকেজত ৮৯,০৪৭ কোটি টকাৰ অনুমোদন জনায়। ইয়াত ইকুইটি ইনফিউজনৰ জৰিয়তে BSNLৰ বাবে ৪জি/৫জি স্পেকট্ৰম আবণ্টন অন্তৰ্ভুক্ত কৰা হৈছে।

BSNLৰ অনুমোদিত মূলধন ১,৫০,০০০ কোটিৰ পৰা ২,১০,০০০ কোটি টকালৈ বৃদ্ধি কৰা হ’ব।  এই পুনৰুজ্জীৱন পেকেজৰ জৰিয়তে BSNL ভাৰতৰ দূৰৱৰ্তী অঞ্চললৈ সংযোগ প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰা এক সুস্থিৰ টেলিকম সেৱা প্ৰদানকাৰী হিচাপে আত্মপ্ৰকাশ কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply