নিউজ ডেস্ক: দুদিনীয়া ভ্ৰমণ সূচীৰে ২৪ মে’ত গুৱাহাটীত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ২৫ মে’ত শ্বাহে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি লাভ কৰা ৪৫ হাজাৰ যুৱকক নিযুক্তি পত্ৰ প্ৰদান কৰিব।

তদুপৰি এই কাৰ্যসূচীৰ সময়ত শ্বাহে ৰাষ্ট্ৰীয় ফৰেনছিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে ২৬ মে’ত শ্বাহে এই অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply