নিউজ ডেস্ক: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ মিডিয়া ইউনিট আৰু ভাৰতীয় তথ্য সেৱাৰ (IIS) বিষয়াসকলকে প্ৰমুখ্য কৰি ইয়াৰ বিষয়াসকলক জনসাধাৰণৰ সৈতে যোগাযোগৰ নতুন সীমা অন্বেষণ আৰু এই প্ৰক্ৰিয়াত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়। আজি নতুন দিল্লীত ‘সুশাসনৰ আহিলা হিচাপে নাগৰিককেন্দ্ৰিক যোগাযোগ’ বিষয়ক দিন-জোৰা ‘চিন্তন শিৱিৰ’ উদ্বোধনেৰে মন্ত্ৰীজনে ইয়াত সমবেতসকলক সম্বোধন কৰে।

দেশৰ ভিন্ন প্ৰান্তৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ জ্যেষ্ঠ বিষয়াসকলকে প্ৰমুখ্য কৰি ইয়াৰ অংশগ্ৰহণকাৰীসকলক সজাগ কৰি ঠাকুৰে কয় যে সংবাদ মাধ্যমৰ বাতাবৰণ দ্ৰুতগতিত পৰিৱৰ্তন হৈছে আৰু জনসাধাৰণৰ তথ্য গ্ৰহণৰ ধৰণো তেনেকুৱাই হৈছে। সেই উদ্দেশ্যে তেওঁ লগতে কয় যে একবিংশ শতিকাৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে আমাৰ তথ্য প্ৰচাৰৰ পদ্ধতিসমূহক খাপ খুৱাই লোৱাৰ প্ৰয়োজনীয়তা আছে।

ভাৰতীয় তথ্য সেৱা চৰকাৰৰ এক গুৰুত্বপূৰ্ণ অংশ বুলি মন্ত্ৰীজনে উল্লেখেৰে কয় যে এই চিন্তন শিৱিৰে বিষয়াসকলক তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ কাম-কাজত সহযোগিতা, আত্ম-নিৰীক্ষণ আৰু সময়োচিতভাৱে পন্থা সংশোধনৰ এক অনন্য সুযোগ প্ৰদান কৰিছে। তেওঁ বিষয়াসকলক সমলৰাজিৰ সৰ্বাধিক ব্যৱহাৰ, প্ৰচেষ্টাৰ সমন্বয়, তথ্য বিনিময় আৰু একক টীম হিচাপে কাম কৰি অধিক ফলপ্ৰসূতা নিশ্চিত কৰিবলৈ উৎসাহিত কৰে।

মন্ত্ৰীজনে অংশগ্ৰহণকাৰীসকলক তেওঁলোকৰ বাবে এটা সময়সীমা নিৰ্ধাৰণ কৰিবলৈ আহ্বান জনায় আৰু মন্ত্ৰালয়ৰ অগ্ৰাধিকাৰাজি তথা ডেলিভাৰেবলসমূহৰ লগতে নিজৰ সংস্থাৰ অগ্ৰাধিকাৰৰাজি তথা ডেলিভাৰেবলসমূহ নিৰীক্ষণ আৰু আপডেট কৰি থাকিবলৈ কয়। কৰ্মযোগী প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বৰ উদ্ধৃতি প্ৰদানেৰে মন্ত্ৰীজনে বিষয়াসকলক সময়ে-সময়ে তেওঁলোকে ৰাষ্ট্ৰলৈ সম্ভৱপৰ সকলো বৰঙণি আগবঢ়াবলৈ সক্ষম হৈছে নে নাই, সেই আত্ম-সমালোচনাৰ আহ্বান জনায়।

মন্ত্ৰীজনে মন্ত্ৰালয়ৰ যোগাযোগৰ লক্ষ্যৰ ক্ষেত্ৰত স্পষ্ট অগ্ৰাধিকাৰত গুৰুত্ব আৰোপেৰে কয় যে চৰকাৰ যিদৰে অনগ্ৰসৰ লোকসকলৰ কল্যাণৰ বাবে মনোযোগী, তেনেদৰে অন্ত্যেদয়াৰ মন্ত্ৰই বিষয়াসকলৰ কাম-কাজক পথ প্ৰদৰ্শন কৰা উচিত। তেওঁ উল্লেখ কৰে যে ভাৰতৰ বৃহৎ সংখ্যক লোক টেলিভিছন আৰু বাতৰি কাকতৰ সুবিধাৰপৰা বঞ্চিত। সমাজৰ এই শ্ৰেণীক স্পৰ্শ কৰাটো উক্ত সেৱাৰ বিষয়াসকলৰ দায়িত্ব।

আৰম্ভণিতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ সচিবে এই শিৱিৰৰ পাঁচ অধিবেশনত ভগোৱা মূল বিষয়বস্তু সন্দৰ্ভত গভীৰভাৱে আলোচনা কৰি কয় যে উক্ত সকলো বিষয়েই অধিক প্ৰাসংগিকতা বহন কৰিছে আৰু গ্ৰুপসমূহত বিভক্ত বিষয়াসকলে দিনটো চিন্তা-চৰ্চাৰ অন্তত নিজৰ ধাৰণা ব্যক্ত কৰিব। আলোচনাৰ পাঁচটা বিষয় হৈছে

• নাগৰিকৰ সৈতে অংশগ্ৰহণমূলক যোগাযোগ – জন ভাগিদাৰী
• ৰাজহুৱা যোগাযোগত উদীয়মান প্ৰযুক্তিৰ ব্যৱহাৰেৰে সৰ্বাধিক প্ৰসাৰ
• ভুল তথ্যৰে মোকাবিলাৰ অৰ্থে দ্ৰুত সঁহাৰি ব্যৱস্থাক সুদৃঢ়কৰণ
• আঞ্চলিক যোগাযোগৰ জৰিয়তে লক্ষ্য নিৰ্ধাৰিত প্ৰচাৰ
• জনসেৱা সম্প্ৰচাৰৰ সুদৃঢ়কৰণ

চৰকাৰী যোগাযোগৰে প্ৰাসংগিক বিষয়সমূহত চিন্তা-চৰ্চা আৰু ভাৰত চৰকাৰৰ যোগাযোগ তথা প্ৰচাৰ কাৰ্য্যকলাপক পথ প্ৰদৰ্শনৰ বাবে একচন প্লেন আৰু ৰোডমেপ প্ৰস্তুতৰ উদ্দেশ্যেৰে নতুন দিল্লীৰ নেচনেল মিডিয়া চেন্টাৰত এই দিনজোৰা চিন্তন শিৱিৰৰ আয়োজন কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply