নিউজ ডেস্কঃ কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৰ শনিবাৰে একে গাড়ী দুৰ্ঘটনাৰ সন্মুখীন হ’বলীয়া হয়।
জম্মু শ্ৰীনগৰ পথত মন্ত্ৰী ৰিজিজুৰ গাড়ীত এখন মালভর্তি ট্ৰাকে প্ৰচণ্ড খুন্দা মাৰে।
জম্মু-শ্ৰীনগৰ ৰাজপথৰ ৰামবান এলেকাত এই দুৰ্ঘটনা সংঘটিত হয়।
দুর্ঘটনাত পতিত মন্ত্ৰীগৰাকীক ক’লা ৰঙৰ স্ক’ৰপিঅ’ গাড়ীখনৰ পৰা নিৰাপদে উদ্ধাৰ কৰা হয়।
সৌভাগ্যক্ৰমে এই ঘটনাত মন্ত্রী বা কোনো লোক আহত হোৱা নাই বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, কেন্দ্রীয় মন্ত্রীগৰাকীয়ে এক আইন সাহায্য শিবিৰত যোগদানৰ বাবে জম্মুৰ উধমপুৰলৈ যাত্ৰা কৰাৰ পথত এই দুৰ্ঘটনা সংঘটিত হয়।
লগতে পঢ়ক – প্ৰধানমন্ত্ৰীয়ে সেউজীয়া পতাকা দেখাই শুভাৰম্ভ কৰে চেন্নাই-কইম্বাটুৰ বন্দে ভাৰত এক্সপ্ৰেছ