নিউজ ডেস্ক: ১০ মে’ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁট চৰকাৰখনে দুটা বৰ্ষ সম্পূৰ্ণ কৰিলে। দুটা বছৰ চৰকাৰখনে সফলতাৰে সম্পূৰ্ণ কৰাত এতিয়া বিভিন্ন জনে দিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰখনক অভিনন্দন। তাৰে মাজতে হিমন্ত বিশ্ব শৰ্মাৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী চকীখন ত্যাগ কৰি কেন্দ্ৰীয় ৰাজনীতি প্ৰৱেশ কৰিবলগীয়া অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় চৰকাৰৰ কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালো শৰ্মাৰ টীমক জনাইছে অভিনন্দন।
ফেচবুকৰ জৰিয়তে সোণোৱালে লিখে, অসমত ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে সফলতাৰে দুবছৰ সম্পূৰ্ণ কৰাৰ এই বিশেষ মুহূৰ্তত মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা প্ৰমুখ্যে টীম অসমক আন্তৰিক অভিনন্দন জনালোঁ। লগতে বিগত বছৰকেইটাত বিজেপি মিত্ৰজোঁটৰ চৰকাৰৰ ওপৰত আস্থা-বিশ্বাস অটুট ৰাখি অকুণ্ঠ সঁহাৰি, সমৰ্থন আৰু সহযোগিতা আগবঢ়োৱাৰ বাবে অসমবাসীৰ প্ৰতি মোৰ গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ।
লগতে তেওঁ লিখে, মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দূৰদৰ্শী নীতি আৰু দ্ৰুত উন্নয়নমুখী সপোনক সাৰোগত কৰি অসম চৰকাৰে অনাগত দিনবোৰতো জনতাৰ সেৱাত উৎসৰ্গিত ভূমিকাৰে কাম কৰি যাব আৰু ৰাজ্যখনক সৰ্বাংগীণ প্ৰগতি তথা শান্তিৰ আন এক নতুন শিখৰত উপনীত কৰিব বুলি আমি আশাবাদী।
লগতে পঢ়ক – মাধৱদেৱৰ জন্মস্থান নাৰায়ণপুৰত “শ্ৰীশ্ৰীমাধৱদেৱ কলাক্ষেত্ৰ” ৰাইজৰ বাবে মুকলি