নিউজ ডেস্ক: ভূবিজ্ঞান মন্ত্ৰী হিচাপে আজি দায়িত্ব গ্ৰহন কৰিলে কিৰেন ৰিজিজুৱে । শুক্ৰবাৰে আনুষ্ঠানিকভাৱে ভূবিজ্ঞান মন্ত্ৰী হিচাপে নিজৰ দায়িত্ব গ্ৰহন কৰে।

দায়িত্ব গ্ৰহন কৰি ৰিজিজুৱে কয় যে বৰ্তমান সময়ত এইটো এটা অতি আকর্ষণীয় আৰু গুৰুত্বপূৰ্ণ মন্ত্ৰালয় ৷ ভূবিজ্ঞান মন্ত্ৰালয়ত কাম কৰাৰ যথেষ্ট সুযোগ আছে । সৰুৰে পৰা এইটো তেওঁৰ আগ্ৰহৰ ক্ষেত্ৰ বুলি উল্লেখ কৰি ৰিৰিজুৱে এই দায়িত্ব প্ৰদানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কৃতজ্ঞতা জনায়। আনহাতে, প্রধানমন্ত্ৰীয়ে তেওঁক বিভিন্ন বিভাগ তথা মন্ত্ৰালয়ত কাম কৰাৰ অভিজ্ঞতা প্ৰদান কৰি আহিছে বুলিও ৰিজিজুৱে উল্লেখ কৰে ।
লগতে তেওঁ কয় যে, ২০৪৭ চনৰ উন্নত ভাৰতৰ দৃষ্টিভংগীত অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ।
উল্লেখ্য যে বৃহস্পতিবাৰে এক আশ্চর্যচকিত সিদ্ধান্তত অৰুণাচলৰ সাংসদগৰাকীক কেন্দ্ৰীয় আইন মন্ত্ৰালয়ৰ দায়িত্বৰ পৰা আঁতৰ কৰা হয় । কেন্দ্রীয় আইন মন্ত্ৰী পদৰ পৰা অপসাৰণ কৰাৰ এদিন পিছত কিৰেণ ৰিজিজুৱে কয় যে এই পদক্ষেপ হৈছে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগী, শাস্তি নহয় ।