বঙাইগাঁও : নামনি অসমৰ বঙাইগাঁও জিলাৰ এখন বিশেষ গাঁও। এই গাঁওখনৰ ৰাইজে নিজ হাতে নিৰ্মাণ কৰিছে এটা ভঁৰাল। গাঁওখনৰ ৰাইজে ভঁৰালখনক বিপদৰ ভঁৰাল বুলি নামাকৰণ কৰিছে। বিপদৰ এই ভঁৰালখনে গাঁওখনৰ ৰাইজক বিপদৰ সময়ত ৰক্ষা কৰে। অৱশ্যে এই ভঁৰালখনৰ পৰা সহায় লোৱা জনে পৰিশোধ কৰিব লাগে সুদ। বিবাহে হওক বা আন কোনো প্ৰয়োজনে হওক বিপদৰ ভঁৰালখন সকলো সময়তে প্ৰস্তুত থাকে সহায়ৰ বাবে।

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ অন্তৰ্গত ৰাভা সম্প্ৰদায়ৰ বসতিপূৰ্ণ গাঁও উজান ৰাভাপাৰা। সোণালী বান্দৰৰ বাবে বিখ্যাত কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি আছে এই গাঁওখন। ধুনীয়া সেউজীয়া পৰিৱেশৰ মাজত অৱস্থিত এই গাঁওখনৰ এশ শতাংশ লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল। খেতি কৰি পৰিয়াল পোহপাল দিয়া এই গাঁওখনৰ কোনোবা এটা পৰিয়ালৰ আৰ্থিকভাৱে বিপদত পৰিলেই যাতে পৰিয়ালটোক সেই বিপদৰ পৰা উদ্ধাৰ কৰিব পাৰি পৰা যায় ইয়ৰ বাবে গাঁওখনৰ ৰাইজে এখন ভঁৰালৰ ব্যৱস্থা কৰিছে।

বিপদৰ ভঁৰাল নামাকৰণ কৰা এই ভঁৰালখনে বিপদত পৰা গাঁওখনৰ পৰিয়ালটোক উদ্ধাৰ কৰে। যেতিয়াই গাঁওখনৰ কোনো এটা পৰিয়ালক বিবাহ অথবা অন্য কোনো কামৰ বাবে অৰ্থৰ প্ৰয়োজন হয় তেতিয়াই গাঁওখনৰ ৰাইজে বিপদৰ ভঁৰালখনত জমা হৈ থকা ধান উলিয়াই দিয়ে পৰিয়ালটোক। ভঁৰালখনৰ ধানৰ দ্বাৰা পৰিয়ালটো বিপদৰ পৰা উদ্ধাৰ হয়। অৱশ্যে বিপদৰ ভঁৰালখনৰ পৰা ধান লোৱা পৰিয়ালটোৱে ধানৰ বিনিময়ত পৰিশোধ কৰিব লাগে সুদ। বছৰৰ অন্তত পৰিয়ালটোৱে সুদসহ ঘূৰাই দিব লাগে ভঁৰালখনৰ ধান।

গাঁওখনৰ ৰমেশ্বৰ ৰাভা নামৰ এজন লোকে জানিবলৈ দিয়ে যে গাঁওখনত ৮২ ঘৰ পৰিয়াল আছে আৰু গাঁওখনৰ জনসংখ্যা ৩৫০ ৰ ওপৰত। গাঁওখনৰ বিপদৰ ভঁৰাল সম্পৰ্কে ৰমেশ্বৰ ৰাভাই কয় “আমাৰ গাঁওখনৰ ৮২ ঘৰ পৰিয়ালৰ ভিতৰত কোনোবা এটা পৰিয়াল বিপদৰ পৰিলে আৰু পৰিয়ালটোক অৰ্থৰ প্ৰয়োজন হ’লে এই ৰাজহুৱা ভঁৰালখনৰ পৰা ধান লৈ পৰিয়ালটোৱে বিপদৰ পৰা উদ্ধাৰ হয়। ভঁৰালখনৰ পৰা লোৱা ধানৰ বিনিময়ত পৰিয়ালটোৱে অধিক ধান সুদ হিচাপে পৰিশোধ কৰিব লাগে”।

বনমালী ৰাভা নামৰ গাঁওখনৰ আন এজন লোকে জানিবলৈ দিয়ে ” গাঁওখনৰ ৰাজহুৱা ভূমিত খেতি কৰি যিখিনি ধান পোৱা যায় সেইখিনি ধান এই ভঁৰালখনত আনি জমা কৰা হয়। বিপদৰ সময়ত ভঁৰালখনৰ পৰা ধান লোৱা কোনো পৰিয়ালে যদি বছৰৰ অন্তত সুদসহ ধান ঘূৰাই নিদিলে সেই পৰিয়ালটোৱে পৰৱৰ্তী বছৰত জৰিমনাসহ ধান ঘূৰাই দিব লাগে”। উল্লেখ্য যে পূৰ্বে প্ৰায় সকলো ৰাভা সম্প্ৰদায়ৰ লোক সকলৰ গাঁও সমূহত এনে ধৰণৰ বিপদৰ ভঁৰালৰ ব্যৱস্থা আছিল যদিও ক্ৰমাৎ এই ব্যৱস্থা বিলুপ্তিৰ পথত।

লগতে পঢ়ক – Horoscope : আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

বৰ্তমান ৰাভা সম্প্ৰদায়ৰ লোক সকলৰ গাঁও সমূহত এনে ধৰণৰ বিপদৰ ভঁৰাল দেখিবলৈ পোৱা নাযায় যদিও উজান ৰাভাপাৰা গাঁওখনৰ ৰাইজে এই পৰম্পৰা জীয়াই ৰাখিছে। উজান ৰাভাপাৰা গাঁওখনৰ পৰাও এটা সময়ত এনে ধৰণৰ ভঁৰালৰ বিলুপ্তি ঘটিছিল যদিও গাঁওখনৰ কিছুমান সচেতন ৰাইজে কিছুবছৰৰ পৰা পুনৰ গাঁওখনত এনে ধৰণৰত ৰাজহুৱা ভঁৰালৰ ব্যৱস্থা আৰম্ভ কৰিছে। উল্লেখ্য যে বিপদৰ ভঁৰালৰ লগতে উজান ৰাভাপাৰা গাঁওখন সোণালী বান্দৰ সংৰক্ষণৰ বাবেও কাম কৰি আছে। গাঁওখনত সকলো সময়তে জাকে জাকে সোণালী বান্দৰ আশ্ৰয় লৈ থকা দেখিবলৈ পোৱা যায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply