নিউজ ডেস্ক- ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণ চমুকৈ UIDAI য়ে সমগ্ৰ দেশজুৰি কেবা সহস্ৰাধিক আধাৰ অপাৰেটৰৰ ক্ষমতা সম্প্ৰসাৰিত কৰাৰ বাবে এক বিশেষ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ অধীনত,  অপাৰেটৰসকলক আধাৰ সংক্ৰান্তীয় নীতি থথা প্ৰক্ৰিয়াৰ শেহতীয়া পৰিৱৰ্তনৰ বিষয়ে অৱগত কৰা হ’ব, যাতে আধাৰভিত্তিক নামভৰ্তি, উত্থান আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াত অপাৰেটৰ পৰ্যায়ত ত্ৰুটি হ্ৰাস কৰিব পাৰি। ই সমগ্ৰ প্ৰণালীটো অধিক শক্তিশালী কৰাৰ লগতে দেশৰ আৱাসীসকলক এক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰিব।

আনহাতে, এই পদক্ষেপৰ অংশ হিচাপে, ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে বিগত কেইমাহমানত উত্তৰ-পূৱৰ ৰাজ্যসমূহকে ধৰি কেইবাখনো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত দুই ডজনৰো অধিক প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত কৰিছে। আধাৰ কাৰ্ড প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়াত, অপাৰেটৰসকলে ৰাইজৰ মাজলৈ গৈ তেওঁলোকৰ সৈতে প্ৰত্যক্ষভাৱে কাম কৰে আৰু পঞ্জীয়ন, আধাৰ কাৰ্ড উন্নীতকৰণ আৰু প্ৰমাণীকৰণৰ দায়িত্বও পালন কৰে। এনে পৰিস্থিতিত, সমগ্ৰ প্ৰক্ৰিয়া, নিৰ্দেশনা আৰু নীতিবোৰৰ বিষয়ে তেওঁলোকে ভালদৰে বুজি উঠে।

উল্লেখ্য যে বৰ্তমানলৈকে প্ৰশিক্ষণ কৰ্মশালাৰ পৰা, প্ৰায় ৩৫০০ অপাৰেটৰ আৰু মাষ্টাৰ প্ৰশিক্ষকক নামভৰ্তি প্ৰক্ৰিয়া, আধাৰ কাৰ্ড উন্নীতকৰণ আৰু প্ৰমাণীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে অৱগত কৰা হৈছে। ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে চলিত বৰ্ষত সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত আৰু ১০০ টা দিনজোৰা প্ৰশিক্ষণ কৰ্মশালাৰ আয়োজন কৰিব। যিয়ে আধাৰ প্ৰক্ৰিয়াত এই মুখ্য অংশগ্ৰহণকাৰীসকলক প্ৰক্ৰিয়াটোৰ বিষয়ে ভালদৰে বুজি উঠাত আৰু আচৰণগত পৰিৱৰ্তনৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ আধাৰ পঞ্জীয়ণ কেন্দ্ৰৰ লোকসকলক অধিক সহানুভূতিশীল পৰিৱেশ আৰু উন্নত অভিজ্ঞতা প্ৰদান কৰাত সহায় কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply