নিউজ ডেস্ক: অব্যাহত আছে দেশৰ শীৰ্ষ মল্লযুঁজাৰুসকলৰ প্ৰতিবাদ। যৌন নিৰ্যাতনৰ অভিযোগত ভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে দেশৰ মল্লযুঁজাৰুসকলে। ২৮ মে’ত প্ৰতিবাদৰ সময়ত মল্লযুঁজাৰুসকল দিল্লী আৰক্ষীৰ দমনমূলক আচৰণৰো সন্মুখীন হৈছিল।

মল্লযুঁজাৰুসকল সন্মুখীন হোৱা এনে পৰিস্থিতিৰ মাজতে মল্লযুঁজৰ আন্ত:ৰাষ্ট্ৰীয় সংস্থা ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে এক বিবৃতি প্রকাশ কৰিছে৷ এই বিবৃতিটোত ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে দেওবাৰে নতুন সংসদ ভৱনলৈ প্ৰতিবাদী সমদলৰ সময়ত মল্লযুঁজাৰুসকলক আটক কৰি ৰখাৰ ঘটনাক গৰিহণা দিয়ে।

বিবৃতিটোত সংস্থাটোৱে ব্ৰিজ ভূষণ চৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কৰ্তৃপক্ষক নিৰপেক্ষ তদন্ত কৰিবলৈ আহ্বান জনায়। আনহাতে ৪৫ দিনৰ সময়সীমাৰ ভিতৰত ফেডাৰেচনৰ নিৰ্বাচন অনুষ্ঠিত নকৰিলে ফেডাৰেচনক নিলম্বন কৰা হ’ব আৰু ইয়াৰ ফলত খেলুৱৈসকলে নিৰপেক্ষ পতাকাৰ তলত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব বুলিও কয় ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে।

লগতে ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে ভাৰতৰ প্ৰতিবাদী মল্লযুঁজাৰুসকলৰ সৈতে এক বৈঠক অনুষ্ঠিত কৰি খেলুৱৈসকলৰ অৱস্থা আৰু সুৰক্ষাৰ বিষয়ে বুজ ল’ব আৰু তেওঁলোকে প্ৰকাশ কৰা উদ্বেগসমূহৰ ন্যায্য সমাধানৰ বাবে সংস্থাৰ সমৰ্থন পুনৰ নিশ্চিত কৰিব বুলিও ইউনাইটেড ৱৰ্ল্ড ৰেষ্টলিঙে উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply