নিউজ ডেস্কঃ উত্তৰ প্ৰদেশৰ গেংষ্টাৰ আতিক আহমেদ আৰু তেওঁৰ ভায়েক আশ্ৰাফ আহমেদক শনিবাৰে নিশা গুলীয়াই হত্যা কৰা হয়। ৰাহাত কলভিন হাস্পতালত নিশা আৰক্ষীয়ে দুয়োকে চিকিৎসা পৰীক্ষাৰ বাবে লৈ যোৱাৰ সময়ত সাংবাদ মাধ্যমৰ কেমেৰাৰ সন্মুখতেই তিনিজন আক্ৰমণকাৰীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ নিৰাপত্তা বেষ্টনী ভাঙি আতিকৰ মূৰত গুলী মাৰে। ইয়াৰ পিছত, আশ্ৰাফৰ ওপৰত গুলীচালনা কৰে। দুয়োজনৰ ঘটনাস্থলীতেই মৃত্যু হয়।
আক্ৰমণৰ পিছতেই তিনিওজন আক্ৰমণকাৰীয়ে ঘটনাস্থলীতেই আত্মসমৰ্পণ কৰে। প্ৰয়াগৰাজ আৰক্ষী আয়ুক্ত ৰমিত শৰ্মাই জনাই যে, প্ৰাৰম্ভিক তথ্য অনুসৰি তিনিজনে সাংবাদকৰ্মী বেশত আহিছিল। বৰ্তমান তিনিওজনকে আৰক্ষীৰ জিম্মাত জেৰা কৰি থকা হৈছে আৰু তেওঁলোকৰ পৰা অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰা হৈছে।

উক্ত গুলীচালনাত কনিষ্টবল মান সিঙ আহত হয় আৰু লগে লগেই চিকিৎসালয়লৈ লৈ যোৱা হয়।
আক্ৰমণৰ ঠিক পিছতে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে শীৰ্ষ আৰক্ষী বিষয়া সকলক বৈঠকৰ বাবে মাতি পঠিয়াই। বৈঠকৰ পিছত, মুখ্যমন্ত্ৰীয়ে তিনিজনীয়া ন্যায়িক তদন্ত সমিতি গঠন কৰিবলৈ নিৰ্দেশ দিয়ে।
ঘটনাটোৰ পিছত আত্ৰমণৰ সময়ত উপস্থিত থকা ১৭ জন আৰক্ষীক নিলম্বন কৰা হয়। লগতে, ৰাজ্যখনত ১৪৪ ধাৰা ঘোষণা কৰা হৈছে। সংবেদনশীল এলেকাবোৰত আৰ.এ.এফ. (ৰেপিড একচন ফ’ৰ্চ) মোতায়েন কৰা হৈছে।

উল্লেখ্য যে, আতিক আহমেদ আৰু আশ্ৰাফ আহমেদ যোৱা চাৰি দিন ধৰি উমেশ পাল হত্যাকাণ্ডৰ গোচৰত আৰক্ষীৰ জিম্মাত আছিল। শেহতীয়াকৈ প্ৰয়াগৰাজৰ চিজেএম আদালতে দুয়োকে ১৩ ৰ পৰা ১৭ এপ্ৰিললৈ আৰক্ষীৰ জিম্মাত প্ৰেৰণ কৰিছিল।

দৈনিক ভাস্কৰ সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, আৰক্ষীয়ে জিম্মাত লাভ কৰাৰ ১৩ এপ্ৰিলৰ নিশাই উত্তৰ প্ৰদেশ আৰক্ষী আৰু এটিএছে দুয়োকে জেৰা আৰম্ভ কৰে। প্ৰায় ২৩ ঘণ্টা ধৰি চলা জেৰাত আতিকে উমেশ পাল হত্যাকাণ্ডৰ ষড়যন্ত্ৰৰ কথা স্বীকাৰ কৰে। লগতে, বিগত দিন ধৰি পাকিস্তানৰ পৰা অস্ত্ৰ সৰবাৰহ কৰাৰ লগতে আহমেদাবাদ কাৰাগাৰৰ পৰা আইএছআই এজেণ্টৰ সৈতে ফোনত যোগযোগ কৰিছিল বুলি জনাই। ইফালে, আশ্ৰাফে জেৰাৰ সময়ত কয় যে, কিছুমান চেনেলৰ জৰিয়তে পঞ্জাৱৰ এখন ফাৰ্ম হাউচত অস্ত্ৰবোৰ আহে।

জানিব পৰা অনুসৰি, গেংষ্টাৰ আতিকে জেৰাৰ সময়ত পুত্ৰৰ অন্ত্যেষ্টিক্ৰিয়াত নিবৰ বাবে আৰক্ষীক চিঞৰি চিঞৰি অনুৰোধ জনাইছিল। শনিবাৰে আতিকৰ স্বাস্থ্য অৱনতি ঘটাৰ বাবে আৰক্ষীয়ে দুয়োকে প্ৰয়াগৰাজৰ কলভিন চিকিৎসালয়লৈ লৈ যায়। তাতেই দুয়োকে গুলীয়াই হত্যা কৰে।
বৃহস্পতিবাৰে ঝান্সিত সংঘটিত এক সংঘৰ্ষত আতিকৰ পুত্ৰ নিহত হয়,
বৃহস্পতিবাৰে দুপৰীয়া ১২.৩০ বজাৰ পৰা ১ বজাৰ ভিতৰত ঝান্সিত এক সংঘৰ্ষত গেংষ্টাৰ আতিক আহমেদৰ পুত্ৰ আসাদ আৰু শ্বুটাৰ গোলাম নিহত হয়। উমেশ পাল হত্যাকাণ্ডৰ শ্বুটাৰৰ অৱস্থান পোৱাৰ পিছত বুধবাৰে ইউপি এছ টি এফৰ এটা দল ঝান্সিত উপস্থিত হৈছিল। এছটিএফে প্ৰাৰম্ভিক তথ্য পাইছিল যে গুড্ডু মুছলিম লুকাই আছিল। গুড্ডু মুছলিম এছটিএফৰ হাতত ধৰা নপৰিল যদিও আসাদ আৰু গোলাম লুকাই থকা অৱস্থানৰ বিষয়ে গম পাই।
এছটিএফে আসাদ আৰু গোলাম দুয়োকে জীৱিত অৱস্থাত ধৰিব বিচাৰিছিল, কিন্তু তেওঁলোকে আৰক্ষীৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰে। যাৰ ফলত এছটিএফেও প্ৰত্যুত্তৰত গুলীচালনা কৰিবলৈ বাধ্য হয়। গুলীচালনাত দুয়োজন নিহত হৈছিল। শনিবাৰে পুৱা ১০ বজাত প্ৰয়াগৰাজৰ কবৰস্থানত আসাদক সমাধিস্থ কৰা হৈছিল।
লগতে পঢ়ক – অসমীয়া লগতে ১৩ টা আঞ্চলিক ভাষাত হ’ব CAPFৰ নিযুক্তি পৰীক্ষা