নিউজ ডেস্ক: আজি কাহিলীপাৰাস্থিত সর্বশিক্ষা অভিযানৰ কার্যালয়ৰ সভাগৃহত শিক্ষা মন্ত্ৰী ৰণোজ পেগু আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ৰাজ্যৰ আই.টি.আই. সমূহক নতুনকৈ উন্নীতকৰণক লৈ পৰ্যালোচনা বৈঠক বহে। ‘টাটা টেকন’লজিছ লিমিটেড’ৰ সহযোগত ৰাজ্যখনৰ ২২খন চৰকাৰী অভিযান্ত্রিক প্রতিষ্ঠান আৰু ৩৯খন চৰকাৰী আই.টি.আই.ক Centre of Excellence -লৈ উন্নীতকৰণৰ কৰি থকা। প্রতিষ্ঠানসমূহত অত্যাধুনিক মডেল কেৰিয়াৰ চেন্টাৰ আৰু ৱৰ্কশ্বপ স্থাপনৰ তথা পাঠ্যক্রমৰ অগ্রগতিৰো খতিয়ান লয় মন্ত্ৰী দুগৰাকীয়ে।

কাৰিকৰী শিক্ষাৰ প্রতিষ্ঠানসমূহক ‘ট্রেন্সফর্মিং ইঞ্জিনিয়াৰিং একাডেমিয়া টু ইণ্ডাষ্ট্রী 4.0’ শীর্ষক অভিনৱ প্রকল্পৰ অন্তর্গত ‘টেকন’লজী হাব’ হিচাপে গঢ়ি তোলাৰ যি সপোন, তাক সাকাৰ কৰাৰ প্রচেষ্টাৰ বাবে ‘টাটা টেকন’লজিছ লিমিটেড’ ধন্যবাদৰ পাত্ৰ বুলি জয়ন্তমল্ল বৰুৱাই জনাই।

উল্লেখ্য যে, অসমৰ চৰকাৰী অভিযান্ত্রিক প্রতিষ্ঠান আৰু চৰকাৰী আই.টি.আই. সমূহ Centre of Excellence -লৈ উন্নীতকৰণৰ হ’লে ৰাজ্যখনৰ সহস্রাধিক শিক্ষার্থীয়ে একেলগে বিশ্বমানৰ প্রশিক্ষণ লাভ কৰিব পাৰিব।

আজিৰ এই বৈঠকত অসমৰ যুৱক-যুৱতীসকলক ডিজিটেল শিক্ষাৰে শিক্ষিত কৰিবলৈ মাইক্ৰ’ছফ্ট, গুগলৰ লগত ASDM আৰু ASU-ৰ মাজত স্বাক্ষৰিত বুজাবুজি চুক্তিৰ বৰ্তমানৰ অৱস্থা আৰু অগ্ৰগতিৰ কথাও আলোচনা কৰা হয়। লগতে বৃত্তিমূলক বিষয়ত ‘দক্ষতা যাত্ৰা’, এক সজাগতা সৃষ্টিৰ কাৰ্যসূচীৰ বিষয়েও আজি আলোচনা কৰা হয় যি সজাগতা যাত্ৰা পোনপ্ৰথমে অসমৰ ৪ খন জিলাত কাৰ্যকৰী কৰা হ’ব।

আজিৰ বৈঠকত অসম চৰকাৰৰ দক্ষতা, শিক্ষা, লোক নির্মাণ (স্বাস্থ্য আৰু শিক্ষা) বিভাগ তথা ‘টাটা টেকন’লজিছ লিমিটেড’ৰ জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে।

লগতে পঢ়ক – জুবিন, নীল আকাশকে ধৰি কেকে–মোহন উপস্থিত নাথাকিল তিনিচুকীয়াৰ ৰঙালী বিহুৰ সাংস্কৃতিক সন্ধিয়াত

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply