নিউজ ডেস্ক- বৰ্তমান ভাৰতৰ সকলো লোকেই ইউ পি আই লেনদেন কৰা দেখা যায়। বিগত মে’ মাহত ভাৰতীয় ঘৰুৱা পেমেন্ট ব্যবস্থা ইউ পি আই লেনদেনৰ সংখ্যা ৯০০ কোটিৰো অধিক হোৱা দেখা গৈছে।

তথ্য অনুসৰি, বিগত মে’ মাহত ভাৰতত মুঠ ৯৪১ কোটি ইউ পি আই লেনদেন সম্পন্ন হৈছে। ইয়াৰ পৰিমাণ হৈছে ১৪.৩ লাখ কোটি টকা। বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত ইয়াৰ পৰিমাণ ৩৭ শতাংশ অধিক হোৱা দেখা গৈছে।

উল্লেখ্য যে, বিগত এপ্রিল মাহত ইউ পি আই ব্যৱস্থাৰ জৰিয়তে পার্ছন টু পার্জন (পিপি) লেনদেনৰ পৰিমাণ ৩৮৬ কোটি টকা আছিল।

আনহাতে মে’ মাহত এই পৰিমাণ ৫০৩ কোটি টকালৈ বৃদ্ধি পায়। লগতে, সাধাৰণ গ্রাহকৰ পৰা বিক্রেতালৈ হোৱা ই পি আই লেনদেনৰ পৰিমাণ মে’ মাহত ১০.৮৫ লাখ কোটি টকা আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply