নিউজ ডেস্ক: উৰিষ্যাৰ কৰ’ম’ণ্ডল এক্সপ্ৰেছৰ দুৰ্ঘটনাত শোক প্ৰকাশ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে। ৰাষ্ট্ৰপতি বাইডেনে উল্লেখ কৰি কয় যে এই শোকাৱহ দুৰ্ঘটনাত তেওঁ আৰু তেওঁৰ পত্নী অর্থাৎ আমেৰিকাৰ ফাৰ্ষ্ট লেডী জিল বাইডেন অতি মর্মাহত। নিহত লোকসকলৰ আত্মাৰ শান্তি কামনা কৰাৰ উপৰি নিহত লোকৰ পৰিয়াললৈ সমবেদনাও জ্ঞাপন কৰিছে বাইডেন দম্পতীয়ে।
উৰিষ্যাৰ ৰে’ল দুৰ্ঘটনা প্ৰসংগত বিবৃতি প্রকাশ কৰি বাইডেনে কয় যে ভাৰত এনেধৰণৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ সন্মুখীন হোৱা বিষয়টোক লৈ তেওঁ আৰু জিল মর্মাহত। যিসকলে এই দুৰ্ঘটনাত আত্মীয়ক হেৰুৱাইছে, যিসকল এই দুৰ্ঘটনাত আহত হৈছে তেওঁলোকৰ প্রতি প্রার্থনাও জনায় বাইডেন দম্পতীয়ে।
উল্লেখ্য় যে ২ জুনৰ সন্ধিয়া উৰিষ্যাৰ বালাচোৰত এখন মালবাহী ৰেলৰ সৈতে সংঘৰ্ষ হয় কোৰোমণ্ডেল এক্সপ্ৰেছ । বালাচোৰৰ বাহাঙ্গা বজাৰ ষ্টেচনৰ ওচৰত সন্ধিয়া প্ৰায় ৭ বজাত দুৰ্ঘটনাটো সংঘটিত হৈছিল। হাওৰাৰ পৰা চেন্নাই অভিমুখী আছিল দুৰ্ঘটনাগ্ৰস্ত কৰমণ্ডল এক্সপ্ৰেছখন এখন মালবাহী ৰে’লৰ সৈতে হৈছিল মুখামুখি সংঘৰ্ষ। সংঘৰ্ষৰ ফলত কৰমণ্ডল এক্সপ্ৰেছৰ ১৭ টা দবাৰ লাইনচ্যুত হৈছিল।