নিউজ ডেস্কঃ টুইটাৰ ব্যৱহাৰকাৰীক যেন এতিয়া এলন মাস্কে নিতৌ ন ন নিয়মেৰে বান্ধি পেলাইছে । জনপ্ৰিয় সামাজিক মাধ্যম হিচাপে খ্যাত টুইটাৰ ব্যৱহাৰকাৰীৰ বাবে পুনৰ নতুনকৈ নিয়ম বান্ধি দিছে এলন মাস্কে।
শেহতীয়া ভাৱে এলন মাস্কে ছ’চিয়েল নেটৱৰ্কিং ছাইটটোত পোষ্ট পঢ়াৰ বাবে দৈনিৰ সীমা নিৰ্ধাৰণ কৰাৰ বাবে ঘোষণা কৰিছে। মাস্কে প্ৰকাশ কৰা অনুসৰি, স্বীকৃতিপ্রাপ্ত টুইটাৰ ব্যৱহাৰকাৰীয়ে নিতৌ ৬ হাজাৰ টুইটাৰ পোষ্ট পঢ়ি পাৰিব। ইফালে, ব্লু টিক নথকা ব্যৱহাৰকাৰীসকলে ৬০০ টুইটাৰ পোষ্ট পঢ়িব পাৰিব।
লগতে, নতুনকৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰা টুইটাৰ ব্যৱহাৰকাৰীয়ে দিনে মাত্ৰ ৩০০ টুইটাৰ পোষ্টহে পঢ়িব পাৰিব বুলি মাস্কে জানিবলৈ দিয়ে।
লগতে পঢ়ক – যোৱা ১৪ বছৰে মেহবুব আলিৰ নামত দীঘলীপুখুৰীৰ লীজত আছিল – ঋতুপৰ্ণ বৰুৱা