পুনৰবাৰ মৃত্যু ভাবুকি লাভ কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে। যোৱা ২৩ এপ্ৰিলৰ নিশা হোৱাটছএপত ১১২ নম্বৰৰ পৰা এজন অচিনাকি ব্যক্তিৰ পৰা এটা মেছেজ আহিছিল য’ত মুখ্যমন্ত্ৰীগৰাকীক হত্যাৰ ভাবুকি দিয়া হৈছিল। এই বাৰ্তাটো মুখ্যমন্ত্ৰীগৰাকীৰ যোগাযোগ বিষয়া শিখা অৱস্থীয়ে দেখা পায় তাৰ পাছতে তেওঁ এই বাৰ্তাৰ স্ক্ৰীণ শ্বট লৈ লগে লগে জ্যেষ্ঠ বিষয়াজনক এই বিষয়ে অৱগত কৰে।

মুখ্যমন্ত্ৰী যোগীয়ে লাভ কৰা ভাবুকিৰ পিছতে নিৰাপত্তা সংস্থাসমূহক সতৰ্ক কৰি দিয়া হৈছে। তাৰ পিছতে লক্ষ্ণৌৰ সুশান্ত গলফ চিটি আৰক্ষী থানাত এজন অচিনাকি ব্যক্তিৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়।

আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে ৫০৬ আৰু ৫০৭ আইপিচি ধাৰা আৰু ৬৬ আইটি আইনৰ অধীনত গোচৰ ৰুজু কৰিছে।

বৰ্তমান এই বিষয়টোৱে এক আলোড়নৰ সৃষ্টি কৰিছে। আৰক্ষীয়ে বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে লগতে অভিযুক্তৰ সন্ধান অব্যাহত ৰাখিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply