নিউজ ডেস্ক : উত্তৰ প্ৰদেশত পুনৰ এক জঘন্য ধর্ষণকাণ্ডৰ অভিযোগ উত্থাপিত হৈছে। ধর্ষণৰ গোচৰ ৰুজু কৰিবলৈ যোৱা এগৰাকী কিশোৰীৰ লগত আৰক্ষীয়ে ধর্ষণ কৰাৰ অভিযোগ উত্থাপিত হৈছে। এই জঘন্য ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ললিতপুৰত।
ধৰ্ষণৰ বলি হোৱা কিশোৰী গৰাকীয়ে অভিযোগ কৰিছে যে কিশোৰী গৰাকীক চাৰিজনকৈ লোকে ধর্ষণ কৰে। ইয়াৰ পিছতে কিশোৰী গৰাকীয়ে আৰক্ষী থানাত গোচৰ ৰুজু কৰিবলৈ যোৱাত আৰক্ষীৰ লোকে কিশোৰী গৰাকীক পুনৰ ধর্ষণ কৰে। ইতিমধ্যে তিকলধাৰী সাৰোজ নামৰ আৰক্ষীৰ লোকজনক নিলম্বন কৰা হৈছে।
লগতে পঢ়ক – বিহু সন্মিলনত এতিয়াৰ পৰা নচলিব বোকা নৃত্য: আৰক্ষীৰ হুংকাৰ
চাইল্ড লাইনৰ অভিযোগৰ ভিত্তিত পালি থানাৰ ভাৰপ্ৰাপ্ত বিষয়াসহ মুঠ ৬ জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। ইফালে এই ঘটনাৰ পিছতে সমাজবাদী পাৰ্টী আৰু কংগ্ৰেছ দলে যোগী আদিত্যনাথৰ চৰকাৰক তীব্ৰ আক্ৰমণ আৰম্ভ কৰিছে। সমাজবাদী পাৰ্টী আৰু।কংগ্ৰেছ দলে যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত নাৰী সুৰক্ষিত নহয় বুলি অভিযোগ উত্থাপন কৰি চৰকাৰক সমালোচনা কৰিছে।