নিউজ ডেস্কঃ আজি নিউ জলপাইগুৰি ষ্টেচনৰ পৰা পল্টনবজাৰস্থিত গুৱাহাটী ৰে’ল ষ্টেচনলৈ ‘বন্দে ভাৰত’ ৰে’লৰ পৰীক্ষামূলক চলাচল সফলতাৰে সম্পন্ন হয়। পুৱা ৬ বাজি ১০ মিনিটত নিউ জলপাইগুৰি ষ্টেচনৰ পৰা ৰে’লখন গুৱাহাটী ৰে’ল ষ্টেচনত দিনৰ ১১ বাজি ৫৫ মিনিটত আহি পায়।
জানিব পৰা মতে, ‘বন্দে ভাৰত’ ৰে’লখন আনুষ্ঠানিক ভাৱে চলাচল আৰম্ভ কৰিলে পৰীক্ষামূলক চলাচলত প্ৰয়োজন হোৱা সময়তকৈ কম সময়ৰ ভিতৰতেই যাত্ৰাৰ সমাপ্ত কৰিব।
চলিত মাহতেই অসমলৈ বন্দে ভাৰত ৰে’লৰ যাত্ৰা মুকলি হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, বৰ্তমানলৈকে ৰাজধানী এক্সপ্ৰেছে কেৱল দ্ৰুতগতি হিচাপে ঠাই দুয়োটাৰ মাজত ৬ ঘন্টা ৩০ মিনিটত এই যাত্ৰা সম্পূৰ্ণ কৰি আহিছে।
লগতে পঢ়ক – গৃহমন্ত্ৰী অসম ভ্ৰমণৰ কাৰ্যসূচীৰ সম্পর্কে জনতা ভৱনত বৈঠক