তেজপুৰ : তেজপুৰত বানপানীয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ। বিগত কিছুদিন ধৰি ৰাজ্যত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত সমগ্ৰ ৰাজ্যৰ লগতে তেজপুৰতো বানে সংহাৰী ৰূপ ধাৰণ কৰিছে।

বৰ্তমান তেজপুৰত ভাবুকি আহি পৰিছে চাহ বাগিচা সমূহলৈ। তেজপুৰস্থিত ঘগৰা ‌চাহ বাগিচাৰ বিস্তীৰ্ণ অঞ্চল এতিয়া বায়নী‌ পানীৰ তলত। বৰষুণে এছএছবি কেম্পলৈ যোবা পথটি ভাঙি পেলোৱাত পথটিৰে যাতায়ত ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈ পৰিছে।

লগতে পঢ়ক – কমাৰগাঁও-খুমটাইৰ বিভিন্ন স্থানত মাধৱদেৱৰ ৫৩৪ সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উদযাপন

কেম্পলৈ যোবা পথটিৰে যাতায়ত ব্যৱস্থা বন্ধ হৈ পৰাত অঞ্চলটোৰ ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হৈছে। শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী দলি চুৰিন বান প্ৰভাৱিত অঞ্চলটোত উপস্থিত হৈ অঞ্চলটোৰ বান পৰিস্থিতিৰ বুজ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,877 other subscribers

Leave a comment

Leave a Reply