নিউজ ডেস্ক- অত্যধিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰা শাক-পাচলি জব্দ কৰা হৈছে। চুবুৰীয়া অঞ্চলৰ পৰা অহা পাচলিত মাৰাত্মক কীটনাশক দ্রব্য ব্যৱহাৰ কৰা ধৰা পৰিছে।
ৰাজ্যবাসীয়ে বিগত সময় ধৰি ৰবি খেতিৰ লগত জড়িত একাংশ খেতিয়কে নিয়ন্ত্রণহীনভাৱে ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত বিষাক্ত শাক-পাচলি গ্ৰহণ কৰিব লগা হৈছে। সেই শাক-পাচলি খোৱাৰ ফলত বিভিন্ন ৰোগৰ লগতে কেঞ্চাৰ ৰোগৰ সংখ্যাও বৃদ্ধি পোৱা দেখবলৈ পোৱা গৈছে।
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে মহানগৰীৰ বিভিন্ন স্থানত কৃষি বিভাগ, খাদ্য সুৰক্ষা বিভাগ, গৃহ বিভাগ, পৰিবহণ বিভাগ, গুৱাহাটী পৌৰ নিগম আৰু অসম কৃষি সামগ্ৰী বিপণন পৰিষদে অত্যধিক ৰাসায়নিক সাৰ প্ৰয়োগ কৰা শাক-পাচলিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে। ইতিমধ্যে বিষাক্ত শাক-পাচলি পৰীক্ষা কৰাৰ বাবে কৃষি বিভাগে মুম্বাইৰ ভাবা পাৰমাণৱিক গৱেষণা কেন্দ্ৰৰ পৰা ২০০ বার্ক বায়’ কিট আনিছে। ৰাজ্য চৰকাৰে জাৰি কৰা নিৰ্দেশনাবলীমর্মে বায়’কিট ব্যৱহাৰ কৰি অত্যধিক কীটনাশক দ্ৰব্যৰ উপস্থিতি ধৰা পৰা শাক-পাচলিসমূহ মহানগৰীত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰা হৈছে।
কৃষি বিভাগৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইতিমধ্যে ৰাজ্যৰ ৬ স্থানত বিগত ১০ দিনৰ পৰা ব্যাপক অভিযান চলিছে। বিশেষকৈ দৰং, শ্বিলং, বৰপেটা, গোলাঘাট আদিৰ পৰা মহানগৰীলৈ অহা প্ৰতিখন পাচলিৰ গাড়ী পৰীক্ষা কৰি ধৰা পেলাবলৈ সক্ষম হৈছে বহু বিষাক্ত শাক-পাচলি। গুৱাহাটীৰ পামহী বজাৰকে ধৰি বেলতলা বজাৰ, পল্টন বজাৰ, জালুকবাৰী, মাছখোৱা আদি বজাৰসমূহলৈ অহা পাচলিৰ পৰীক্ষা কৰাত বহু ভয়াৱহ তথ্য ধৰা পৰিছে। সেই অনুসৰি মহানগৰবাসীৰ লগতে ৰাজ্যৰ বিভিন্ন অঞ্চললৈ গুৱাহাটীৰ বজাৰৰ জৰিয়তে যোগান হোৱা অধিকাংশ পাচলিতে ব্যৱহাৰ কৰা হৈছে নিষিদ্ধ বহু ৰাসায়নিক সাৰ।
উল্লেখ্য যে, বিগত এপ্ৰিল মাহত গুৱাহাটী উচ্চ ন্যায়ালয়ে কৃষি বিভাগক পাচলিত ব্যৱহাৰ কৰা ৰাসায়নিক সাৰৰ উপস্থিতি পৰীক্ষা কৰাৰ নিৰ্দেশ দিছিল।