নিউজ ডেস্ক: অহা ২৭ আৰু ২৮ মে’ তাৰিখে গুৱাহাটীত অনুষ্ঠিত হ’ব প্ৰথম উত্তৰ-পূব ভেৰ্টান ফুটবল ট্ৰফী প্ৰতিযোগিতা। গুৱাহাটীৰ লালমাটিৰ গেম ভিলেজৰ ওচৰৰ বৈকুণ্ঠপুৰ খেলপথাৰত অনুষ্ঠিত হ’ব প্ৰতিযোগিতাখন। নাইন এ ছাইড ফর্মেটত অনুষ্ঠিত হ’ব খেল । খেলবোৰ হ’ব লীগ কাম নক আউট ভিত্তিত।
প্ৰতিযোগিতাৰ আয়োজন কৰিছে মর্নিং ষ্টাৰ ফুটবল ক্লাবে। প্ৰতিযোগিতাত ৪০ বছৰৰ ঊৰ্ধ্বৰ খেলুৱৈয়েহে অংশ ল’ব পাৰিব। শ্ৰেষ্ঠ দলক ট্ৰফীসহ দহ হাজাৰ টকা প্ৰদান কৰা হ’ব ।