নিউজ ডেস্ক: উত্তৰ-পূবৰ বাবে আন এক গুৰুত্বপূৰ্ণ দিন। যোৱা ২৭ এপ্ৰিলত স্থায়ী শান্তিৰ বাবে অসম চৰকাৰ আৰু ডিমাছা ৰাষ্ট্ৰীয় মুক্তি সেনাবাহিনীয়ে শান্তি চুক্তি স্বাক্ষৰ কৰে। অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু অসম চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল এই অনুস্থানত উপস্থিত আছিল।

এই চুক্তিৰ পৰিণাম স্বৰূপে ডিএনএলএৰ ১৬৮ৰো অধিক সশস্ত্ৰ কেডাৰে নিজৰ হাথিয়াৰসহ আত্মসমৰ্পণ কৰি মূলসুঁতিত অন্তৰ্ভুক্ত হ’ল। ইয়াৰ উপৰিও চুক্তিত প্ৰধানকৈ সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ১৪ৰ জৰিয়তে উত্তৰ কাছাৰ হিলছ স্বায়ত্ত পৰিষদ (এনচিএইচএচি)ৰ নিকটৱৰ্তী অতিৰিক্ত গাঁওসমূহ পৰিষদত অন্তৰ্ভুক্ত কৰাৰ দাবীৰ অনুসন্ধানৰ বাবে এখন আয়োগৰ নিযুক্তিৰ ব্যৱস্থা কৰা হৈছে।

ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ডিএনএলএৰ আত্মসমৰ্পণ কৰা কেডাৰৰ পুনৰ্বাস সুনিশ্চিত কৰিব আৰু এই উদ্দেশ্যৰ বাবে, এনচিএইচএচিৰ লগতে অন্য অংশত থকা ডিমাছা লোকৰ সৰ্বাংগীন বিকাশৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দ্বাৰা পাঁচ বছৰৰ অৱধিত ৫০০-৫০০ কোটি টকাৰ এক বিশেষ বিকাশ পেকেজো প্ৰদান কৰা হ’ব।

গৃহমন্ত্ৰী অমিত শ্বাহে কয় ,এই চুক্তিয়ে ২০২৪লৈকে উত্তৰ পূৰ্বাঞ্চলক উগ্ৰপন্থা-মুক্ত কৰিবলৈ এক শান্তিপূৰ্ণ আৰু সমৃদ্ধ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সপোন পূৰণ কৰাৰ দিশত এটা আৰু গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী জীয়ে আতংকমুক্ত, হিংসামুক্ত আৰু বিকাশযুক্ত উত্তৰ পূৰ্বাঞ্চলৰ কল্পনা দেশৰ সন্মুখত ৰাখিছে আৰু গৃহ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী মোদীৰ মাৰ্গদৰ্শনত এই দিশত অগ্ৰসৰ হৈছে।

এই চুক্তিৰ জৰিয়তে অসমৰ ডিমা হাছাও জিলাত উগ্ৰপন্থা সম্পূৰ্ণৰূপে সমাপ্ত হ’ব, ইয়াৰ লগতে অসমৰ হিংসাত লিপ্ত সকলো সংগঠনৰ অন্ত হ’ব, সকলো জনজাতীয় সমুদায় মূলসুঁতিত অন্তৰ্ভুক্ত হৈ ভাৰতৰ বিকাশৰ প্ৰক্ৰিয়াত ভাগিদাৰ হৈ আছে।

চুক্তিৰ জৰিয়তে, ডিএনএলএ প্ৰতিনিধিসকলে হিংসা ত্যাগ কৰা, অস্ত্ৰ আৰু গুলী-বাৰুদসহ আত্মসমৰ্পণ কৰা, নিজৰ সশস্ত্ৰ সংগঠন ভংগ কৰা, ডিএনএলএ কেডাৰৰ কব্জাত থকা সকলো শিবিৰ খালী কৰা আৰু মূলসুঁতিত অন্তৰ্ভুক্ত হোৱাত সন্মতি প্ৰকাশ কৰে।

এই চুক্তিত ডিএনএলএৰ আত্মসমৰ্পণ কৰা কেডাৰৰ পুনৰ্বাসৰ বাবে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ দ্বাৰা কৰিবলগা আৱশ্যকীয় উপায়ৰ ব্যৱস্থা কৰা হৈছে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে টুইটযোগে এই কথা উল্লেখ কৰিছে “প্ৰধানমন্ত্ৰী জীয়ে যিদৰে অঞ্চলটোত শান্তি প্ৰতিষ্ঠা কৰি উন্নয়ন সুনিশ্চিত কৰিছে, তাৰ ওপৰত আস্থা প্ৰকাশ কৰি অস্ত্ৰ-শস্ত্ৰ ৰচনা কৰিছে ডিমাছা নেশ্যনেল লিবাৰেশ্যন আৰ্মিয়ে (ডিএনএলএ)।”

গৃহমন্ত্ৰীগৰাকীৰ টুইটৰ প্ৰতি সঁহাৰি জনাই প্ৰধানমন্ত্ৰীয়ে টুইট কৰি লিখিছে -“উত্তৰ-পূৱৰ শান্তি আৰু প্ৰগতিৰ বাবে এয়া খুব ভাল খবৰ।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply