দেশৰ এগৰাকী স্বনামধন্য প্ৰবীণ সাংবাদিক তথা লেখক এম এছ প্ৰভাকৰে আজি শেষ নিশ্বাস ত্যাগ কৰে। কৰ্ণাটকৰ কোলাৰত থকা নিজ বাসগৃহত বিশিষ্ট সাংবাদিক গৰাকীৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৬ বছৰ।

স্বাস্থ্যৰ অৱনতিৰ বাবে প্ৰভাকৰক কিছুদিন পূৰ্বে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও স্বাস্থ্যৰ অৱস্থা কিছু সুস্থিৰ হোৱাত তেওঁক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছিল।

উল্লেখ্য যে প্ৰভাকৰৰ অসমৰ সৈতে আছিল এক সু-সম্পৰ্ক। তেওঁ প্ৰথমে গুৱাহাটী বিশ্ববিদ্যালয়ত ইংৰাজী শিক্ষক হিচাপে আৰু তাৰ পিছত সাংবাদিক হিচাপে অসমত প্ৰায় চাৰিটা দশক কটাইছিল।

ৰাষ্ট্ৰীয় সংবাদ সংস্থা দ্য হিন্দু আৰু ফ্ৰন্টলাইনৰ সৈতে জড়িত হৈ সাংবাদিক হিচাপে উত্তৰ-পূবৰ খবৰ দেশৰ আগত দাঙি ধৰিছিল প্ৰভাকৰে। প্ৰবীণ সাংবাদিকগৰাকীয়ে দ্য হিন্দুত যোগদান কৰাৰ পূৰ্বে ইকনমিক এণ্ড পলিটিকেল উইকলিৰ সহকাৰী সম্পাদক হিচাপেও জড়িত আছিল।

‘অণ্ডু তোলা পুনুগু মট্টু ইতাৰা কাথেগালু’ নামৰ গ্ৰন্থখনৰ জৰিয়তে এগৰাকী কানাড়া লেখক হিচাপেও জনপ্ৰিয়তা অৰ্জন কৰিছিল প্ৰভাকৰে। কানাড়া সাহিত্য মহলত তেওঁ ‘কামৰূপী’ ছদ্মনামেৰে জনাজাত আছিল।

১৯৭১ চনত প্ৰকাশিত ‘কুডুৰেমট্টে’ আছিল প্ৰভাকৰৰ দ্বাৰা ৰচিত আটাইতকৈ বিখ্যাত উপন্যাসখন। এই গ্ৰন্থখনৰ বাবে তেওঁ কৰ্ণাটক সাহিত্য একাডেমীৰ বঁটা লাভ কৰিছিল। পিছত জি.ভি. আয়াৰে এই উপন্যাসখনক চলচ্চিত্ৰৰ ৰূপ দিয়ে।

পৰৱৰ্তী সময়ত তেওঁ ‘ঘোঁৰাৰ ডিমা’ নামেৰে উপন্যাসখনৰ অসমীয়া সংস্কৰণ প্ৰকাশ কৰে। অৱসৰৰ পিছত ২০১৩ চনত জন্মস্থান কোলাৰলৈ উভতি যায় এম এছ প্ৰভাকৰ।

প্ৰবীণ সাংবাদিক গৰাকীক অসমসহ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজনৈতিক বিশেষজ্ঞ হিচাপে গণ্য কৰা হৈছিল। নিজৰ লেখাৰ জৰিয়তে তেওঁ উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহ আৰু জনগোষ্ঠীয় সমস্যাসমূহৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰিছিল। ‘লুকিং বেক ইনটু দ্য ফিউচাৰ’ নামৰ উত্তৰ-পূব ভাৰতৰ ওপৰত ৰচনা কৰা গ্ৰন্থ খনত প্ৰভাকৰে উত্তৰ-পূব ভাৰতৰ পৰিচয়, জাতি-জনগোষ্ঠী, সাৰ্বভৌমত্ব, বিদ্ৰোহৰ প্ৰশ্নসমূহ দাঙি ধৰিছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply