নিউজ ডেস্ক: পুনৰ বিৰ্তকৰ মাজত সোমাই পৰিল ভিক্টৰ দাস । বৃহস্পতিবাৰে গুৱাহাটীৰ লাচিত নগৰৰ এটা ব্যক্তিগত প্রতিষ্ঠান লণ্ড ভণ্ড কৰাৰ লগতে দুজন লোকক প্ৰহাৰ কৰাৰ অভিযোগত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাসক।

আৰক্ষীৰ জনোৱা মতে, গুৱাহাটীৰ পল্টন বজাৰ থানাৰ অন্তগৰ্ত লাচিত নগৰৰ স্কর্ট এন ই নামৰ শিক্ষানুষ্ঠানত বৃহস্পতিবাৰে ভিক্টৰ দাসে সাধাৰণ কথাত তিনিজন লোকৰ লগত বাক বিতাত লিপ্ত হয়। বাক বিতণ্ডাৰ মাজতে ভিক্টৰ দাসে দুজন লোকক প্ৰহাৰ কৰে। ইয়াতে ক্ষান্ত নাথাকি ভিক্টৰ দাসে প্ৰতিষ্ঠানটোৰ কম্পিউটাৰ আৰু আচবাৰ ভাঙি চূর্ণ বিচূর্ণ কৰে। শিক্ষক ভিক্ট দাসৰ উদ্ভাণ্ডলীত প্ৰতিষ্ঠানটোৰ কৰ্মচাৰী হতভম্ব হৈ পৰে, আৰু ঘটনা সন্দৰ্ভত প্ৰতিষ্ঠানটোৰ কৰ্তৃপক্ষই পল্টন বজাৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ উত্তেজনাময় পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে শিক্ষক ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰি থানালৈ নিয়ে।

ভিক্টৰ দাসে আক্ৰমণ কৰা আৰু আচবাব লণ্ডভণ্ড কৰা এই সমগ্ৰ দৃশ্য অনুষ্ঠানটোৰ চি চি টিভি কেমেৰাত বন্দী হয়।

উল্লেখ্য যে, ২০২২ চনৰ ছেপ্টেম্বৰ মাহত ৰাজ্য চৰকাৰৰ তৃতীয়-চতুর্থ বৰ্গৰ চাকৰিত দুর্নীতি অনিয়মৰ অভিযোগ কৰি আৰক্ষীৰ হাততে ওলোটাই গ্ৰেপ্তাৰ হৈছিল অভিযোগকাৰী ভিক্টৰ দাস।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply