অসম বিধনাসভা নিৰ্বাচনৰ দিন যিমানে চমু চাপি আহিছে সিমানেই তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল সমূহ। ভোটাৰ ৰাইজক নিজ নিজ দলৰ প্ৰতি আকৰ্ষিত কৰিবলৈ উঠি পৰি লাগিছে প্ৰতিটো ৰাজনৈতিক দল। এসময়ত কংগ্ৰেছৰ ভোটবেংক ২০১৬ ৰ বিধানসভা নিৰ্বাচনত হাত এৰি পদুমলৈ আহিছিল কিন্তু পদুমৰ প্ৰতিও মোহভংগ হৈছে এই ভোটবেংকৰ।