নিউজ ডেস্কঃ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণৰ কাৰ্যসূচীৰ প্ৰতি লক্ষ্য ৰাখি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি জনতা ভৱনত অসম চৰকাৰৰ মাননীয় মন্ত্ৰীসকল আৰু ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে এক বৈঠকত মিলিত হৈ প্ৰস্তুতিৰ বুজ লয়।
আজিৰ এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহৰ আহাকলি অৰ্থাৎ ২৫ মে’ৰ অসম ভ্রমণ সম্পর্কে আলোচনা কৰা হয়। এই ভ্রমণকালত কেন্দ্রীয় গৃহমন্ত্রী গৰাকীৰ উপস্থিতিত SLRC-ৰ দ্বাৰা শেহতীয়াকৈ আয়োজিত তৃতীয় আৰু চতুৰ্থ বর্গৰ পৰীক্ষাৰ সকলো উত্তীৰ্ণ চাকৰি প্রাৰ্থীকে আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ বিতৰণ কৰাৰ লগতে কেন্দ্রীয় গৃহমন্ত্রীগৰাকীয়ে কলাক্ষেত্ৰৰ এক অনুষ্ঠানৰ পৰা চাংসাৰিৰ স্থাপন হ’বলগীয়া ৰাষ্ট্রীয় ফৰেনচিক বিজ্ঞান বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
আজিৰ সভাত উক্ত দুয়োটা দিনৰ কাৰ্যসূচীৰ বিষয়ে বিতং আলোচনা কৰাৰ লগতে মুখ্যমন্ত্রীয়ে অনুষ্ঠানসমূহ সুকলমে সম্পন্ন কৰাৰ বাবে বিষয়াবর্গক প্রয়োজনীয় নির্দেশ প্রদান কৰে।
উল্লেখ্য যে, বৈঠকৰ পূৰ্বে কাইলৈ গৃহমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া নিযুক্তি পত্ৰ বিতৰণৰ অনুষ্ঠিতটি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ পৰিদৰ্শন কৰি কামৰ অগ্ৰগতিৰ বুজ লয়।
লগতে পঢ়ক – ডিব্ৰুগড়ৰ পৰা মেট্ৰিকত স্থানপ্ৰাপ্ত কৃত্তি শিক্ষাৰ্থী সম্বৰ্ধনা জিলা প্ৰশাসনৰ