নিউজ ডেস্ক: অসমৰ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই সোতৰ শতিকাৰ বীৰ লাচিত বৰফুকনৰ কাহিনী প্ৰচাৰ আৰু চৰ্চাৰ বাবে পদক্ষেপ গ্ৰহণৰ পাছত এইবাৰ ভাৰতৰ এজন বিশ্ববিখ্যাত চলচ্চিত্ৰৰ কাহিনী লেখক, চলচ্চিত্ৰ পৰিচালক অসমৰ এই সেনাপতিজনৰ প্ৰেমত পৰিছে। ‘আৰ আৰ আৰ’ তথা ‘বাহুবলী’ৰ কাহিনী লেখক তথা ৰাজ্য সভাৰ সাংসদ ভি বিজয়েন্দ্র প্রসাদে লাচিতৰ কাহিনীৰে ৰচনা কৰিছে এখন উপন্যাস – ‘ব্ৰহ্মপুত্ৰ : দ্য আহোম ছন ৰাইজে ছ (বুক-১)।

প্রখ্যাত চলচ্চিত্ৰ পৰিচালক এছ এছ ৰাজামৌলিৰ পিতৃ বিজয়েন্দ্র প্ৰসাদে চোৰাংচোৱা কাহিনী লেখক কুলপ্রীত যাদৱৰ সৈতে ৰচনা কৰা এই উপন্যাসখন হাৰ্পাৰ কলিন্স পাবলিছাৰ্ছ ইণ্ডিয়াই অহা ৩০ মে’ত উন্মোচন কৰিব। উপন্যাসখনত একশ্যন আৰু ৰোমান্সৰ সংমিশ্রণ ঘটোৱাৰ লগতে লাচিতৰ কিছু কথা বৰ্ণনা কৰা হৈছে।

উপন্যাসখনত লাচিতে আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ কন্যা ৰাজকুমাৰী পদ্মিনীৰ সৈতে প্ৰেমত পৰাৰ কাহিনী বৰ্ণনা কৰা হৈছে। ৰজাই প্ৰেমৰ কথা জানিব পাৰি লাচিতক ৰাজধানীৰ পৰা বাহিৰ কৰি দিয়ে। কিছুদিনৰ পাছত আহোম ৰাজধানী ঔৰংজেৱৰ বাহিনীয়ে আক্ৰমণ কৰে। ফলত ৰজাই চুক্তি কৰিবলৈ বাধ্য হয় আৰু তেওঁৰ ৰাজ্যৰ একাংশৰ নিয়ন্ত্ৰণ মোগলৰ হাতলৈ যায়। উক্ত চুক্তিৰ চৰ্তবোৰ লাচিত আৰু তেওঁৰ শ্ৰেষ্ঠ বন্ধু ৰাজকুমাৰ চক্ৰধ্বজে অপমানজনক বুলি গণ্য কৰিছিল। কেইদিনমানৰ পাছত বিপদ দুগুণে বাঢ়িল। আহোমৰ প্ৰতি অনুগত এজন ৰাজকুমাৰে আন সৰু সৰু শাসকক বিপথে পৰিচালিত কৰি ৰাজধানী আক্ৰমণ কৰে। লাচিত আৰু চক্ৰধ্বজে ৰাজধানীক ৰক্ষা কৰাৰ যুঁজত নামে।

‘বজৰংগী ভাইজান’, ‘মণিকর্নিকা দ্য কুইন অব্ ঝালী’ৰ উপৰি দুখন ‘বাহুবলী’ৰ কাহিনী লেখক তথা কেইবাটাও বঁটা বিজয়ী লেখক বিজয়েন্দ্ৰ প্ৰসাদৰ নতুন উপন্যাস ‘ব্ৰহ্মপুত্ৰ : দ্য আহোম ছন ৰাইজে ছ (বুক-১) ৰ এয়াই কিছু হৈছে সাৰ কথা ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,059 other subscribers

Leave a comment

Leave a Reply