গৰৈমাৰী : ২ মে’ত অনুষ্ঠিত হ’ব গাঁও প্ৰধান পদৰ প্ৰাৰ্থীৰ সাক্ষাৎকাৰ। কামৰূপ জিলাৰ আমিনগাওঁস্থিত উপয়ুক্তৰ কাৰ্যালয়ত অহা ২ মে’ত অনুষ্ঠিত হ’ব গাওঁ প্ৰধান পদৰ প্ৰাৰ্থীৰ সাক্ষাৎকাৰ। গৰৈমাৰী ৰাজহ চক্ৰৰ অধীনস্থ এলেকাৰ নিৰ্বাচিত গাঁও সমুহৰ গাঁও প্ৰধান পদৰ বাবে অনুষ্ঠিত হ’ব এই সাক্ষাৎকাৰ।
গাঁও প্ৰধান পদবীত নিয়োগৰ বাবে বিভাগীয় কৰ্তৃপক্ষই প্ৰাৰ্থীৰ পৰা অনলাইন যোগে ২০২১ চনৰ ৪ ডিচেম্বৰৰ পৰা ৩১ ডিচেম্বৰৰ ভিতৰত সংগ্ৰহ কৰিছিল আবেদন পত্ৰ। আবেদনকাৰীৰ বয়স নিম্নতম ৩০ আৰু উৰ্ধ্বতম ৬৫ বছৰৰ ভিতৰত হ’ব লাগিব বুলি চৰকাৰৰ ফালৰ পৰা এই সন্দৰ্ভত প্ৰকাশিত বিজ্ঞপ্তিখনত প্ৰকাশ কৰা হৈছিল।
গৰৈমাৰী ৰাজহ চক্ৰৰ এলেকাধীন চাম্পুপাৰা গাঁৱৰ গাঁও প্ৰধান পদবীত নিয়োগৰ বাবে আবেদন কৰা হাফিজুৰ ৰহমান চৌধুৰীয়ে বয়সৰ ফালৰ পৰা আবেদনৰ বাবে যোগ্য নোহোৱাত অতি চতুৰালিৰে নিজৰ বয়স বঢ়াই আবেদন কৰা বুলি স্থানীয় একাংশ লোকে মুকলিকৈ অভিযোগ উত্থাপন কৰিছে।ছয়গাঁও শিক্ষা খণ্ডৰ অন্তৰ্গত মহিমাৰীস্থিত “বাদুল্লাহ হাজী মেমোৰিয়েল মহিমাৰী হাইমাদ্ৰাছা”ৰ পৰা ২০১১ চনত অসম মাধ্যমিক শিক্ষা পৰিষদৰ অধীনত অনুষ্ঠিত দশম শ্ৰেণীৰ চুড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ উত্তীৰ্ণ হয়।
মাদ্ৰাছাখনৰ ‘ৰেকৰ্ড বুক’ত থকা হাফিজুৰ ৰহমান চৌধুৰীৰ বয়সৰ তথ্য অনুসৰি তেওঁৰ জন্ম ০১-০১-১৯৯৬ চন বুলি উল্লেখ আছে। হাফিজুৰ ৰহমান চৌধুৰীয়ে স্থানীয় চাম্পুপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰ বাবে নিজ হাতে লিখি দিয়া ‘ফৰ্ম’খনতো তেওঁৰ জন্ম তাৰিখ ০১-০১-১৯৯৬ চন বুলি উল্লেখ আছে। ফৰ্ম’খনত তেওঁৰ পিতৃ সংসেৰ আলীৰ স্বাক্ষৰ বিদ্যমান।
লগতে পঢ়ক – অসম ন্যায়িক সেৱাৰ গ্ৰেড-১ পৰীক্ষাত বোকাখাতৰ নাৰায়ণ উপাধ্যায় সফলতা
২০২০ চনৰ ১৮ নৱেম্বৰত প্ৰকাশিত ভোটাৰ তালিকাত গাঁও প্ৰধান পদৰ প্ৰাৰ্থী হাফিজুৰ ৰহমানৰ বয়স ২৬ বছৰ বুলি উল্লেখ আছে। গাঁও প্ৰধান পদবীৰ প্ৰাৰ্থী হাফিজুৰ ৰহমানৰ চৌধুৰীৰ প্ৰকৃত বয়স সন্দৰ্ভত ইমানবোৰ তথ্য থকা সত্বেও হাফিজুৰ ৰহমানে কেনেকৈ অসম মাধ্যমিক শিক্ষা পৰিষদৰ পৰা ৰোল-বি এম-১১-৮৮১ নং-০০১৩ নিজৰ জন্ম তাৰিখ গাঁও প্ৰধান পদবীৰ বাবে আবেদন বিচৰাৰ পিছত ০১-০১-১৯৯৬ চনৰ পৰিবৰ্তে ০১-১১-১৯৯১ চনলৈ বৃদ্ধি কৰিব পাৰিলে তাকলৈ ৰাইজৰ মাজত চৰ্চা অব্যাহত আছে।