বৰপেটা : চৰকাৰলৈ আশা নকৰিলে নিজে হাতে কামে লাগিলে। নিজে শ্ৰমদান কৰি আৰু গাঁঠিৰ ধন ভাঙি ৰাইজে নিৰ্মাণ কৰিলে পথ। জিলা পৰিষদৰ সদস্যই পথ নিৰ্মাণৰ নামত দুৰ্নীতি কৰাৰ অভিযোগ ৰাইজৰ। চৰকাৰৰ ওপৰতো ক্ষোভ প্ৰকাশ কৰিলে ৰাইজে।
বৰপেটা জিলাৰ জনিয়া বিধানসভা সমষ্টিৰ তাপেশ্বৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত দাৱনদিয়া গাঁৱৰ ৰাইজে চৰকাৰলৈ অপেক্ষা নকৰি নিজে হাতে হাতে কোৰ, পাচি আদিলৈ পথ নিৰ্মাণৰ কামত লাগিল। নিজে শ্ৰমদান আৰু নিজৰ গাঁঠিৰ ধন ভাঙি গাঁওবাসীয়ে নিৰ্মাণ কৰিলে পথ।
চৰকাৰৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ পথ নিৰ্মাণৰ বাবে আহ্বানই জনাই অহাৰ পিছতো চৰকাৰ তথা জনপ্ৰতিনিধিয়ে কুনি ধৰণৰ গুৰুত্ব প্ৰদান নকৰাত ৰাইজ নিজৰ গাঁঠিৰ ধন ভাঙি পথ নিৰ্মাণ কৰিবলৈ বাধ্য হয়। এজাক বৰষুণ দিলেই দাৱনদিয়াৰ পথছোৱাত একাঠুকৈ বোকা হয় ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে পথচাৰী ৰাইজ যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগ কৰিব লগীয়া হয়।
অৱশেষত চৰকাৰ তথা জনপ্ৰতিনিধিৰ ওপৰত আস্থা হেৰুৱাই গাঁওবাসী নিজে নামিল পথ নিৰ্মাণৰ কামত। উল্লেখ্য যে, বিগত ২০২০-২১ বৰ্ষৰ পঞ্চদশ বিত্তীয় আঁচনিৰ অধীনত জনিয়া সমষ্টিৰ ১৪ নং কলগাছিয়া জিলা পৰিষদৰ সদস্যা হাছৰা খাতুনে ১১ লাখ ৫৯ হেজাৰ টকা ব্যয় সাপেক্ষে উক্ত পথছোৱা পেভাৰ ব্লকেৰে কিছুদিন পূৰ্বে নিৰ্মাণ কৰিছিল যদিও আধা কাম সামৰি ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি ৰাইজে এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।
লগতে পঢ়ক – শিৱসাগৰৰ শতাব্দী কলিতাৰ শিৰত লতাশিলৰ ‘বিহু সমাজ্ঞী’ৰ মুকুট
আনহাতে তাপেশ্বৰা গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰেহেনা খাতুনক এই সন্দৰ্ভত বাৰম্বাৰ অৱগত কৰাৰ পিছতো কোনো ধৰণৰ ভ্ৰূক্ষেপ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। যাৰ ফলশ্ৰুতিত ক্ষোভিত হৈ এনেকুৱা অযোগ্য প্ৰতিনিধিক অনাগত দিনত ভোট নিদিয়াৰ হুংকাৰ দিয়াৰ লগতে উক্ত পথেৰে জনপ্ৰতিনিধি সকলক চলাচল কৰা নিষিদ্ধ বুলিও ৰাইজে ক্ষোভ প্ৰকাশ কৰে।