নিউজ ডেস্কঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই শনিবাৰে গুৱাহাটীৰ কাহিলিপাৰাত অৱস্থিত জ্যোতি চিত্ৰবন ফিল্ম ষ্টুডিঅ’ৰ প্ৰেক্ষাগৃহত বীৰাংগনা সতী সাধনীৰ অতুলনীয় স্বদেশ প্ৰেম আৰু আত্ম-বলিদানৰ অমৰ গাথাৰ স্মৃতি যুগমীয়া কৰাৰ লক্ষ্যৰে নিৰ্মাণ হ’বলগীয়া ‘বীৰাংগনা সাধনী’ শীৰ্ষক চলচ্চিত্ৰখনৰ শুভাৰম্ভণি কৰে। আজিৰ এই শুভ মুহূৰ্তত বীৰাংগনা সতী সাধনীক গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰাৰ লগতে তেখেতৰ প্ৰতি মাননীয় মুখ্যমন্ত্ৰীয়ে ভক্তিভৰা প্ৰণিপাত জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদান কৰি কয় যে, বীৰাংগনা সতী সাধনীৰ জীৱন সকলোৰে বাবে প্ৰেৰণাৰ উৎস। সতী সাধনীৰ জীৱনীমূলক চলচ্চিত্ৰই নৱপ্ৰজন্মক তেখেতৰ বীৰত্ব আৰু ত্যাগৰ বিষয়ে জানিবলৈ সক্ষম হ’ব। চলিত বৰ্ষত সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱসৰ কাৰ্যসূচী অসম চৰকাৰে গ্ৰহণ কৰিছিল। মহান বীৰাংগনা সতী সাধনীৰ লগতে চুতীয়া জাতিৰ বীৰত্ব আৰু স্বৰ্ণিল ইতিহাস আমাৰ জনজীৱনৰ মাজত উপস্থাপন কৰিবলৈ আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ।

চুতীয়া জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ বাবে অসম চৰকাৰে ঘোষণা কৰা ১৫০ কোটি টকাৰ বিশেষ প্ৰকল্পৰ অধীনত ইতিমধ্যে ৫০ কোটি টকা মুকলি কৰি দিয়া হৈছে আৰু এই বিশেষ প্ৰকল্প ৰূপায়ণৰ অংশ হিচাপে ‘বীৰাংগনা সাধনী’ নামৰ এই চলচ্চিত্ৰখন নিৰ্মাণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তদুপৰি অসম চৰকাৰৰ তৰফৰ পৰা বীৰাংগনাগৰাকীৰ স্মৃতিত গোলাঘাট জিলাত অসম চৰকাৰে বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপনৰ লগতে সতী সাধনীৰ ৫০০ বছৰীয়া স্মৃতি দিৱস ৰাজ্য চৰকাৰে বছৰজোৰা কাৰ্যসূচীৰে পালন কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হৈছে।

মুখ্যমন্ত্ৰীৰ সৈতে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়া, বিধায়কসকল ক্ৰমে তৰংগ গগৈ, সুৰেন ফুকন আৰু বলীন চেতিয়া, সদৌ অসম চুতীয়া জাতি সন্মিলনীৰ মাননীয় সভাপতি অমিয় কুমাৰ বৰা আৰু চুতীয়া উন্নয়ন পৰিষদৰ মাননীয় অধ্যক্ষ শ্ৰীকুল কমল বৰুৱাকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

লগতে পঢ়ক – মুক্তিৰ পূৰ্বেই প্ৰভাসৰ অভিনীত আদিপুৰুষে উপাৰ্জন কৰিছে ৪৩২ কোটি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply