গুৱাহাটী: ২০২৩ বৰ্ষৰ প্ৰথমখন আন্ত:ৰাষ্ট্ৰীয় ক্ৰিকেট খেল অনুষ্ঠিত হ’ব গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত। ১০ জানুৱাৰীত হ’বলগীয়া খেলৰ বাবে আজি গুৱাহাটীত উপস্থিত হ’ব বিৰাট কোহলী, শ্ৰেয়াস আয়াৰ, কে এল ৰাহুল, কুলদীপ যাদৱ, যশপ্ৰীত বুমৰাহ, মহম্মদ ছামি আৰু মহম্মদ চিৰাজ। আনহাতে বৰ্তমান টি-২০ শৃংখলাত খেলি থকা বহু কেইগৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ নকৰে এদিনীয়া শৃংখলাত। হাৰ্ডিক পাণ্ডিয়াৰ স্থানত দলক নেতৃত্ব প্ৰদান কৰিব ৰোহিত শৰ্মাই।
আনহাতে, ৰাজকোটৰ পৰা সোমবাৰে আহিব হাৰ্ডিক পাণ্ডিয়া, শুভমন গীল, ঈশান কিষান, সূৰ্যকুমাৰ যাদৱ, অক্ষৰ পেটেল, উমৰান মালিক আৰু অৰ্শদীপ সিং। একেদিনাই আহিব শ্ৰীলংকাৰ দলটিও। সোমবাৰে নিশা ভাৰতীয় দলটোৱে অনুশীলন কৰিব একেলগে।
উল্লেখ্য যে, বহু দিনৰ বিৰতিত খেলপথাৰত নমাৰ সম্ভাৱনা আছে যশপ্ৰীত বুমৰাহৰ। গুৱাহাটীৰ পৰাই আৰম্ভ হ’ব দলটিৰ আগন্তুক বিশ্বকাপৰ প্ৰস্তুতি। তেনেস্থলত গুৱাহাটীত অনুষ্ঠিত হ’ব লগীয়া খেলখন গুৰুত্বপূৰ্ণ যদিও সেই অনুপাতে দৰ্শকৰ আগ্ৰহ কম। অৱশ্যে উৎসাহ কম হ’লেও বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম দৰ্শকেৰে ভৰি থাকিব বুলি আশাবাদী অসম ক্ৰিকেট সন্থা।