নিউজ ডেস্কঃ উৰিষ্যাৰ বালাছুৰত সংঘটিত ৰেল দুৰ্ঘটনাত আহত হৈ চিকিৎসাধীন হৈ থকা বিশ্বনাথৰ উত্তৰ মৰল গাঁৱৰ যুৱক ৰূপক দাসৰ বাসগৃহত গৈ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তয়ে পৰিয়ালবৰ্গক সাক্ষাৎ কৰে। লগতে তেওঁ যুৱকগৰাকীৰ সৈতে ফোনত কথা পাতি তেখেতৰ শেহতীয়া অৱস্থাৰ বিষয়ে বুজ লয় ৷
তেওঁ জনাই যে, বালাছুৰৰ চৰকাৰী চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা যুৱক গৰাকীক সহায়ৰ বাবে অসমৰ পৰা ৰাওনা হোৱা অতিৰিক্ত চিকিৎসা শিক্ষা সঞ্চালক ৰনবীৰ বৰা আৰু যুটীয়া চিকিৎসা শিক্ষা সঞ্চালক ডাঃ ছৈয়দ তনবীৰ আলম আজি যুৱকগৰাকীৰ কাষত উপস্থিত হৈছে ।
লগতে কয়, মুখ্যমন্ত্ৰী মহোদয়ে যুৱক গৰাকীক প্ৰয়োজনীয় সহায় আগবঢ়োৱাৰ বাবে নিৰ্দেশ দিছে ৷ যুৱক গৰাকীৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা কৰিবলৈ বিষয়া দুগৰাকীক পৰামৰ্শ দিছোঁ৷ অসম চৰকাৰে তেখেতক প্ৰয়োজনীয়তা অনুসৰি সুবিধা আগবঢ়াব ৷
এই সময়ত বিধায়ক প্ৰমোদ বৰঠাকুৰৰ সৈতে স্থানীয় ৱাৰ্ড সদস্য, পঞ্চায়ত সভাপতি আৰু ৰাইজে সহযোগ কৰে পৰিয়ালবৰ্গক সাক্ষাৎ কৰে ৷
লগতে পঢ়ক – বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ সপোনৰ দলং গংগা নদীত খহি পৰে